নলবাৰীৰ আটক 31 গৰাকী ভূ-মাফিয়া

By

Published : Sep 21, 2021, 10:33 PM IST

thumbnail

অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল কালি নিশা নলবাৰী আৰক্ষীৰ জালত পৰা ৩১ টা ভূ-মাফিয়া । জিলা উপায়ুক্ত গীতিমণি ফুকনে দাখিল কৰা গোচৰৰ ভিত্তিত আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাজিৰ কৰায় আদালতত । উল্লেখ্য যে, সোমবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰিছিল নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল দ্বয় চক্ৰেশ্বৰ কলিতা, দেৱকান্ত বৰুৱা,সাংবাদিক সঞ্জয় জৈন,ব্যৱসায়ী অজয় জৈন,মুকেশ জৈন,দাদুল আহমেদ,অনিল জৈন,প্ৰদীপ কলিতা,তাজেৰ আলী,আইনুল আলী,ৰুবুল আলী,ছামছুল আলীকে ধৰি মুঠ ৩১ জন । ইফালে, এই ৩১ জনৰ এজন নলবাৰী সদৰ আৰক্ষী থানাত অচেতন হৈ পৰাৰ হেতু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে । বাকী ত্ৰিশ গৰাকীক আদালতত হাজিৰ কৰোৱা হয় । ইয়াৰে কেইবাজনকো আৰক্ষীয়ে অধিক তদন্তৰ বাবে নিজৰ জিন্মাত লোৱাৰ সম্ভাৱনা আছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.