আৰক্ষীৰ অভিযানৰ খবৰ লাভ কৰি পলাতক দালাল

author img

By

Published : Sep 22, 2021, 9:33 AM IST

nagaon police arrested 2 land mafia

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ বিৰুদ্ধে সোমবাৰে নিশা মাৰাথন অভিযান চলাই অসম আৰক্ষীয়ে ৷ অসম আৰক্ষীয়ে নিশাটোৰ ভিতৰত চলোৱা অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৪৫৩ টা মাটিৰ দালালক আটক কৰে ৷

চামগুৰি, 22 ছেপ্তেম্বৰ : নগাঁও জিলাৰ ধিঙতো সোমবাৰে নিশা মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে দুজনকৈ মাটিৰ দালালক আটক কৰে । দালাল দুজনে দীৰ্ঘদিন ধৰি ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালি চলাই আহিছিল । আটক কৰা লোক দুজন সুভাষ দেৱনাথ আৰু দৰ্পণ বৰা বুলি জানিব পৰা হৈছে । আনহাতে আন এজন দালাল প্ৰিয়ৰঞ্জন দাস সম্প্ৰতি পলাতক হৈ থকা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা ৰাজহ চক্ৰ বিষয়াসকলৰ ৰাজ্যিক সন্মিলনত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ ফাইলৰ কাম ৬ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল ৷ মুখ্যমন্ত্ৰীয়ে সন্মিলনত বিষয়াসকলক কঠোৰ সকীয়নি দিয়াৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দালালৰাজ বন্ধ নহ'লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কাম কৰি যাব বুলি সকীয়নি দিছিল ৷

মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাৰ এই সকীয়নি প্ৰদানৰ পাচতেই প্ৰতিখন জিলাতেই সক্ৰিয় হৈ পৰিল আৰক্ষী ৷ দালালৰ বিৰুদ্ধে মাৰাথন গতিত সোমবাৰৰ নিশাৰ পৰা আৰক্ষীয়ে চলাই গ’ল ইটোৰ পাছত সিটো অভিযান ৷ একেটা নিশাতে কামৰূপ, বৰপেটা, নলবাৰী, শিৱসাগৰ, লখিমপুৰকে ধৰি ৰাজ্যৰ সকলো জিলাৰ পৰা অসম আৰক্ষীয়ে আটক কৰিলে চাৰে পাঁচশতকৈও অধিক মাটিৰ দালালক ৷

লগতে পঢ়ক : কোকৰাঝাৰত 21 টা ভূ-মাফিয়া আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.