ETV Bharat / state

পত্নীৰ প্ৰতাৰণা, বুকুত এবছৰীয়া সন্তানক লৈ হৰেণৰ জীৱন সংগ্ৰাম

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 2:08 PM IST

জীৱনে দিয়েও, জীৱনে নিয়েও । তথাপিও চলাই যাবলগীয়া হয় জীৱন যুদ্ধ । তেনে এক জীৱন যুদ্ধত অৱতীৰ্ণ চতিয়াৰ এজন যুৱক । বুকুত এবছৰীয়া সন্তানক বান্ধি চতিয়াৰ হৰেণ বাউৰিয়ে চলাই গৈছে জীৱন যুদ্ধ ।

Pathetic story of E-rickshaw driver in Sootea
পত্নীৰ প্ৰতাৰণা, বুকুত এবছৰীয়া সন্তানক লৈ হৰেণৰ জীৱন সংগ্ৰাম

পত্নীৰ প্ৰতাৰণা, বুকুত এবছৰীয়া সন্তানক লৈ হৰেণৰ জীৱন সংগ্ৰাম

বিশ্বনাথ, ২০ ডিচেম্বৰ: জীৱন মানেই যেন সংগ্ৰাম । কেতিয়াবা কিছুমান ঘটনাই জীৱনক সঁচাকৈয়ে কঠিন কৰি তোলে । তেনেস্থলত পৰিস্থিতিক মানি আগুৱাই যোৱাজনহে জয়ী হয় জীৱন যুদ্ধত । তেনে এক যুদ্ধত অৱতীৰ্ণ হৈছে বিশ্বনাথৰ এজন যুৱক । হেঁপাহৰ ঘৰখন ভাঙি যোৱাৰ পাছত বুকুত এবছৰীয়া সন্তানকলৈ জীৱন সংগ্ৰাম চলাই গৈছে চতিয়াৰ এজন যুৱকে ।

মাতৃয়ে নিজ সন্তানক বুকুত বান্ধি লৈ ফুৰা দৃশ্য সুলভ কিন্তু চতিয়াৰ এজন যুৱকে নিজ কণমানি পুত্ৰক বুকুত বান্ধি পুৱাই ওলাই আহে জীৱন সংগ্ৰাম চলাবলৈ । সেই দৃশ্য়ই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বনাথৰ সচেতন লোকৰ । চতিয়াৰ ভোলাগুৰি গাঁৱৰ হৰেণ বাউৰি নামৰ যুৱকজনে নিজৰ এবছৰীয়া সন্তান বুকুত বান্ধি পুৱাই নামি পৰে জীৱন যুদ্ধত । ই-ৰিক্সা চলাই জীয়াই থকাৰ সংগ্ৰামত ব্ৰতী চতিয়াৰ হৰেণ বাউৰি ।

অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক হৰেণ বাউৰিয়ে বহু আশাৰে পাতিছিল এখন সংসাৰ। গাঁৱৰে এগৰাকী যুৱতীক বিবাহ কৰোৱাৰ পাছতেই তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হয় । কিন্তু নিষ্ঠুৰ মাতৃয়ে ৭ মহীয়া নিজ সন্তান এৰি পৰপুৰুষৰ লগত পুনৰ বিয়াত বহে । তাৰ পাছতে মুৰত সৰগ ভাগি পৰে হৰেণৰ । পুত্ৰক কোলাত লৈ আনৰ ঘৰত দিন হাজিৰা কৰিব নোৱাৰা হ'ল হৰেণে ।

আনৰ এখন ই-ৰিক্সা ভাড়াত লৈ এতিয়া নিজ পুত্ৰক বুকুত বান্ধি ই-ৰিক্সা চলাই নিজ সন্তানক মানুহ কৰাৰ সংগ্ৰামত ব্ৰতী চতিয়াৰ যুৱক হৰেণ বাউৰী । "নৈৰ সমান ব'ব কোন আইৰ সমান হ'ব কোন" এই আপ্ত বাক্য মিছা প্ৰমাণিত কৰি নিষ্ঠুৰ মাতৃয়ে নিজ কণমানি পুত্ৰক এৰি যাবলৈ নকৰিলে কুণ্ঠাবোধ। পত্নী যোৱাৰ পাছৰে পৰা পুত্ৰক স্নেহত এইদৰে বুকুত বান্ধি জীৱন সংগ্ৰাম চলাই গৈছে চতিয়াৰ যুৱক হৰেণ বাউৰিয়ে ।

লগতে পঢ়ক: বঙাইগাঁৱৰ কোকিলাত ভাং জব্দ, আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.