ETV Bharat / state

কুসুমটোলাৰ পদ্মপুৰত চোৰে লুটিলে নামঘৰৰ সম্পদ

author img

By

Published : Dec 17, 2020, 9:44 PM IST

robbery
robbery

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ এশ মিটাৰ মান দূৰত্বত অৱস্থিত কুসুমটোলাৰ পদ্মপুৰৰ নামঘৰত বুধবাৰে নিশা চোৰৰ দলে প্ৰবেশ কৰি লুটপাত কাৰ্য সংঘটিত কৰে । স্থানীয় ৰাইজে আঞ্চলটোত নৈশ পহৰাৰ ব্যৱস্থা নোহোৱাৰ বাবেই এইদৰে চুৰি কাৰ্য সংঘটিত হ’বলৈ পালে বুলি মন্তব্য কৰে ।

চতিয়া, ১৭ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাৰ পদ্মপুৰৰ নামঘৰত বুধবাৰে নিশা চোৰৰ দলে প্ৰবেশ কৰি লুটপাত কাৰ্য সংঘটিত কৰে । ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ এশ মিটাৰ মান দূৰত্বত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ নামঘৰটোৰ পৰা চোৰে দান পাত্ৰত থকা নগদ তিনি হাজাৰৰো অধিক টকা, এযোৰ তাল, পিতলৰ চাকিৰ গছাকে ধৰি বহু সামগ্ৰী চুৰি কৰি নিয়ে ।

কুসুমটোলাৰ পদ্মপুৰত চোৰে লুটিলে নামঘৰৰ সম্পদ

পুৱাৰ ভাগতহে কোনো লোকে নামঘৰত চোৰ সোমোৱাৰ কথা জানিব পাৰি স্থানীয় ৰাইজক অৱগত কৰোৱাৰ লগতে জামুগুৰি আৰক্ষীকো অৱগত কৰে । স্থানীয় ৰাইজে আঞ্চলটোত নৈশ পহৰাৰ ব্যৱস্থা নোহোৱাৰ বাবেই এইদৰে চুৰি কাৰ্য সংঘটিত হ’বলৈ পালে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : জামুগুৰি হাটৰ চৈবাৰীত ৰে'লৰ খুন্দাত এগৰাকী মহিলা নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.