ETV Bharat / state

শিৱৰ অভিনয় কৰিবলৈ গৈ সৰীসৃপৰ ওপৰত চলালে নিৰ্যাতন

author img

By

Published : May 28, 2022, 10:23 PM IST

Updated : May 28, 2022, 10:53 PM IST

ভাওনাক অনন্য ৰূপ দিবলৈ গৈ বিশ্বনাথৰ অজয় দাস(বাবু) নামৰ এজন লোকে সৰীসৃপৰ ওপৰত চলালে অত্যাচাৰ ৷ বন্যপ্ৰাণী সুৰক্ষা আইনক অৱমাননা কৰি ডিঙিত সাপ মেৰিয়াই ৰূপায়ন কৰিলে শিৱৰ চৰিত্ৰ (Live snake on actors neck) ৷

Live snake on actors neck
শিৱৰ অভিনয় কৰিবলৈ গৈ সৰীসৃপৰ ওপৰত চলালে নিৰ্যাতন

বিশ্বনাথ, 28 মে’: গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক অনন্য ৰূপ দিবলৈ গৈ বিশ্বনাথৰ এজন ভাৱৰীয়াই সৰীসৃপৰ ওপৰত চলালে অত্যাচাৰ ৷ শিৱৰ চৰিত্ৰ ৰূপায়ন কৰা লোকজনে ডিঙিত এডাল জীৱন্ত সাপ বলপূৰ্বকভাৱে মেৰিয়াই দৰ্শকক আমোদ দিয়াৰ চেষ্টা চলালে ৷ সাপডালক মুক্ত বিচৰণত বাধা দি বহুসময় ধৰি মেৰিয়াই ৰখা হ’ল ভাৱৰীয়াৰ ডিঙিত (Live snake on actors neck)৷

শিৱৰ অভিনয় কৰিবলৈ গৈ সৰীসৃপৰ ওপৰত চলালে নিৰ্যাতন

বিশ্বনাথৰ দক্ষিণ ভিৰগাঁৱৰ নামঘৰত দেখা গ’ল এই দৃশ্য ৷ শুকুৰবাৰে নিশা নামঘৰটোত প্ৰদৰ্শন কৰা ভাওনাত অজয় দাস (বাবু) নামৰ লোকজনে সৰীসৃপৰ ওপৰত চলালে এইদৰে অত্যাচাৰ (Wildlife abusing in Biswanath)৷ শিহৰণকাৰী দৃশ্যটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷

বন্যপ্ৰাণী সুৰক্ষা আইন- 1972 ক(Wild Life protection Act 1972) অৱমাননা কৰি এইদৰে এডাল সাপক আৱদ্ধ কৰি ডিঙিত মেৰিয়াই নিৰ্যাতন চলোৱা কাৰ্যক ধিক্কাৰ জনাইছে বন্যপ্ৰেমীয়ে ৷ অৱশ্যে বিষয়টোক লৈ বন্যপ্ৰাণী সুৰক্ষাৰ লগত জড়িত বিভিন্ন সংস্থা অথবা সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: ৰাইজৰ ৰোষত দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন বিভাগৰ কেন্দ্ৰীয় প্ৰতিনিধি দল

Last Updated : May 28, 2022, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.