ETV Bharat / state

পীৰাৰে প্ৰহাৰ কৰি পত্নীক হত্যা স্বামীৰ

author img

By

Published : Sep 13, 2019, 5:52 AM IST

নিষ্ঠুৰ স্বামীয়ে হত্যা কৰি সম্পূৰ্ণ এনিশা পত্নীৰ মৃতদেহ ঘৰতে লুকুৱাই ৰখা ঘটনা পোহৰলৈ অহাৰ পিছত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোগেশ্বৰ কালান্দি নামৰ পত্নী হত্যাকাৰীজনক ৷ উল্লেখ্য যে মঙলবাৰে সুৰামত্ত যোগেশ্বৰ কালান্দিয়ে  ঘৰুৱা কোনো কথালৈ পত্নীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈ পত্নীক পীৰাৰে মূৰত প্ৰহাৰ কৰে ৷ ইয়াৰোপৰি পত্নীক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে নিজ গৃহতেই ৰাখি থোৱাৰ ফলত বুধবাৰে মৃত্যুক সাবতি লয় ৰীনা কালান্দিয়ে ৷

পীৰাৰে প্ৰহাৰ কৰি পত্নীক হত্যা স্বামীৰ

চতিয়া ,১২ চেপ্তেম্বৰঃ অৱশেষত স্থানীয় ৰাইজৰ সহযোগত পোহৰলৈ আহিল শোণিতপুৰৰৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুতিত সংঘটিত নৃশংস হত্যাকাণ্ডৰ সত্যতা ৷ নিষ্ঠুৰ স্বামীয়ে হত্যা কৰি সম্পূৰ্ণ এনিশা পত্নীৰ মৃতদেহ ঘৰতে লুকুৱাই ৰখা ঘটনা পোহৰলৈ অহাৰ পিছত বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যোগেশ্বৰ কালান্দি নামৰ পত্নী হত্যাকাৰীজনক ৷ উল্লেখ্য যে মঙলবাৰে সুৰামত্ত যোগেশ্বৰ কালান্দিয়ে ঘৰুৱা কোনো কথালৈ পত্নীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈ পত্নীক পীৰাৰে মূৰত প্ৰহাৰ কৰে ৷ ইয়াৰোপৰি পত্নীক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে নিজ গৃহতেই ৰাখি থোৱাৰ ফলত বুধবাৰে মৃত্যুক সাবতি লয় ৰীনা কালান্দিয়ে ৷ আনহাতে এই ঘটনা গাপ দি ৰখাৰ চেষ্টাত স্বামীয়ে ঘৰৰ ভিতৰতে মৃতদেহ ৰাখি পৰৱৰ্তী সময়ত গাঁত খান্দি পুতি থোৱাৰ পৰিকল্পনা কৰে যদিও স্থানীয় গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ইতিমধ্যে পত্নী হত্যাকাৰী যোগেশ্বৰ কালান্দিয়ে সমগ্ৰ ঘটনা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে ৷

পীৰাৰে প্ৰহাৰ কৰি পত্নীক হত্যা স্বামীৰ
Intro:চতিয়া ,১২ চেপ্তেম্বৰ- শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুতিত এক নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে৷সুৰামত্ত স্বামীৰ প্ৰহাৰত যোৱা মঙ্গলবাৰে গুৰুতৰভাৱে আহত হোৱা পত্নীয়ে বুধবাৰে মৃত্যুক সাবতি লয় যদিও ঘটনাটি গাপ দিয়াৰ বাবেই স্বামীয়ে ঘৰৰ ভিতৰতে মৃতদেহ ৰাখি পৰৱৰ্তী সময়ত গাঁত খান্দি পুতি থোৱাৰ পৰিকল্পনা কৰিছিল যদিও স্থানীয় গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত সমগ্ৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটিত৷Body:জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুতি খকনবস্তিৰ শিল কোৱেৰিত কৰ্মৰত যোগেশ্বৰ কালান্দি(৫৫)য়ে মঙ্গলবাৰে সুৰামত্ত হৈ পত্নী ৰীনা কালান্দি(৫২)ৰ লগত ঘৰুৱা কোনো কথাৰ বিষয় লৈ তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পত্নীক এখন পীৰাৰে মুৰত প্ৰহাৰ কৰে৷গুৰতৰভাৱে আঘাতপ্ৰাপ্ত ৰীনা কালান্দিক চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে নিজ গৃহতেই ৰাখি থোৱাৰ পৰিণতিত বুধবাৰে পুৱাই শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে৷কিন্তু পত্নীৰ মৃত্যু হোৱা খবৰ গাঁওবাসীক জনোৱাৰ পৰিৱৰ্তে স্বামী যোগেশ্বৰ কালান্দিয়ে নিকটৱৰ্তী এখন দোকানৰপৰা বগা কাপোৰ কিনি নি ঘৰৰ ভিতৰতে মৃতদেহটি ঢাকি ৰাখি থোৱাৰ ব্যৱস্থা কৰে৷Conclusion:সম্পূৰ্ণ এটা নিশা এনেদৰে এটি মৃতদেহ ঘৰৰ ভিতৰত ৰাখি সুযোগ বুজি মৃতদেহটো গাঁতত পুতি থোৱাৰ পৰিকল্পনা কৰিছিল হত্যাকাৰী স্বামীয়ে৷কিন্তু আজি ৰাইজৰ সন্দেহ ওপজাত গাঁওৰক্ষী বাহিনীৰ সদস্যই ঘৰত প্ৰৱেশ কৰি মহিলাগৰাকীৰ মৃতদেহ বগা কাপোৰেৰে ঢাকি ৰখা অৱস্থাত প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় জামুগুৰি আৰক্ষীক ঘটনাটো অৱগত কৰাত আজি জামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী স্বামী যোগেশ্বৰ কালান্দিক গ্ৰেপ্তাৰ কৰি আৰক্ষী চকীলৈ লৈ আনে৷ইতিমধ্যে পত্নী হত্যাকাৰী যোগেশ্বৰ কালান্দিয়ে সমগ্ৰ ঘটনা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে ৷
Byte - হত্যাকাৰী

Pransankar bhuyan
Sootea
Etv bharat (assam)
12/9/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.