ETV Bharat / state

Flood at Gahpur: পুনৰ বানৰ কৱলত গহপুৰবাসী

author img

By

Published : Jul 17, 2022, 8:58 PM IST

Floods in Gohpur again
পুনৰ বানৰ কৱলত গহপুৰবাসী

পুনৰ বানৰ কৱলত গহপুৰবাসী (Floods at Gohpur again) ৷ দেওবাৰে হঠাৎ পুৱাৰ ভাগত গহপুৰ পাহাৰীয়া কুকুৰজান নৈয়ে প্লাৱিত কৰিলে গহপুৰ নগৰৰ পৰা ৰে’লৱে ষ্টেচন সংযোগী পথ । ফলত এক হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷

বিশ্বনাথ , ১৭ জুলাই: শনিবাৰে নিশা অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে পুনৰ উফন্দি উঠিছে গহপুৰ বিধান সভা সমষ্টিৰ নৈ,উপনৈসমূহ । ফলত দেওবাৰে হঠাৎ পুৱাৰ ভাগত গহপুৰ পাহাৰীয়া কুকুৰজান নৈয়ে প্লাৱিত কৰিলে গহপুৰ নগৰৰ পৰা ৰে’লৱে ষ্টেচন সংযোগী পথ । ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় (Floods at Gohpur again) ৷

পুনৰ বানৰ কৱলত গহপুৰবাসী

এই বানৰ বাবেই গহপুৰৰ মেডিকেললৈ অনা প্ৰসূতি ৰাস্তাৰ ওপৰত চটফটাই থাকিব লগা হয় । মাত্ৰ কিছুদিন পূৰ্বে অৰ্থাৎ বিগত ২৮ জুনত হোৱা বছৰটোৰ দ্বিতীয়টো বানে ইতিমধ্যে অঞ্চলটোৰ বহু সা-সম্পত্তি নষ্ট কৰিছিল ৷ তাৰ পিছতে আজি পুনৰ হোৱা বানে সম্প্ৰতি উপায়বিহীন কৰি তুলিছে অঞ্চলবাসীক ৷

গহপুৰ মহকুমা প্ৰশাসনৰ লগতে জলস্পদ বিভাগে সমষ্টিটোৰ কুকুৰজান নৈৰ ভগ্ন মথাউৰি সমূহ মেৰামতি নকৰাৰ ফলতেই আজি পুনৰ গহপুৰ নগৰবাসীয়ে নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ আনহাতে অঞ্চলটোত থকা গড়কাপ্তানি পথৰ উপৰেদি পানী বৈ যোৱাৰ ফলত যাতায়ত বন্ধ হৈ যোৱা (Flood washes out road at Gahpur) লগতে দোকান, বজাৰ ইত্যাদি ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ বাধ্য হৈছে ভুক্তভোগী দোকানীসকলে ।

বিশেষকৈ বহু বছৰ ধৰি গহপুৰ সমষ্টিৰ নগৰ কাষতে লাগি থকা চত্ৰং নৈ, সোলেঙী, কুকুৰজান আদি নৈয়ে তাণ্ডৱৰ সৃষ্টি কৰি আহিছে যদিও গহপুৰ মহকুমাৰ প্ৰশাসন যি দৰে তৎপৰ হ'ব লাগিছিল তেনেদৰে হোৱা পৰিলক্ষিত হোৱা নাই বুলি ক্ষোভ উজাৰে বন্যাৰ্তই ৷ যাৰ ফলত দেওবাৰে হঠাৎ পুনৰ গহপুৰ নগৰৰ ৪ নং ৱাৰ্ড বাঢ়নী পানীত ডুবিল গ'ল বুলি মন্তব্য বন্যাৰ্তৰ ৷

লগতে পঢ়ক: Eviction in Karimganj : বেদখলৰ বিৰুদ্ধে কৰিমগঞ্জ প্ৰশাসনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.