ETV Bharat / state

Eviction in Karimganj : বেদখলৰ বিৰুদ্ধে কৰিমগঞ্জ প্ৰশাসনৰ উচ্ছেদ অভিযান

author img

By

Published : Jul 17, 2022, 7:22 PM IST

কৰিগঞ্জৰ ভিন্ন প্ৰান্তত চলিল প্ৰশাসনৰ হাঁতোৰা ৷ অবৈধভাৱে কৰিমগঞ্জৰ ইচাবিল চাহ বাগিচাৰ প্ৰায় 1200 বিঘা ভূমি বেদখল কৰাৰ বিৰুদ্ধে প্ৰশাসনে দুদিন ধৰি চলাইছে উচ্ছেদ অভিযান (Eviction drive on Assam tea corporation land in Karimganj) ৷ এই অভিযানত প্ৰায় 71 টা বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ কৰে প্ৰশাসনৰ লোকে ৷

Eviction in Karimganj
কৰিমগঞ্জৰ প্ৰায় 1200 বিঘা ভূমি বেদখলৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

কৰিমগঞ্জ, 17 জুলাই : আকৌ চলিল প্ৰশাসনৰ বুলড’জাৰ ৷ এইবাৰ প্ৰশাসনৰ বুলড’জাৰ চলিল কৰিমগঞ্জৰ ভিন্ন প্ৰান্তত ৷ দেওবাৰে প্ৰায় ত্ৰিশখন এক্সেভেটৰ আৰু বুলড’জাৰৰ জৰিয়তে কৰিমগঞ্জ আৰক্ষী তথা প্ৰশাসনৰ সহযোগত চলে এই অভিযান (Eviction drive on Assam tea corporation land in Karimganj) ৷

কৰিমগঞ্জৰ প্ৰায় 1200 বিঘা ভূমি বেদখলৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান

জানিব পৰা মতে, কৰিমগঞ্জ আৰক্ষী তথা প্ৰশাসনে তিনিটা দলত বিভক্ত হৈ জিলাখনৰ কটামনি, ইচাৰপাৰ, তেজপুৰসহ ওচৰ চুবুৰীয়া গাঁৱতো অবৈধভাৱে বাস কৰা লোকৰ বিৰুদ্ধে চলে এই উচ্ছেদ অভিযান । এই অভিযানত প্ৰায় 71 টা বাসগৃহ আৰু ব্যৱসায় প্ৰতিষ্ঠানত উচ্ছেদ চলাই প্ৰশাসনে ৷

ইয়াৰে ভিতৰত প্ৰায় 25 খন ব্যৱসায়িক প্ৰতিষ্ঠান আছিল বুলি জানিব পৰা গৈছে ৷

দেওবাৰে পুৱাৰে পৰা চলোৱা এই উচ্ছেদ অভিযানৰ নেতৃত্ব দিয়ে এগৰাকী অতিৰিক্ত জিলা উপায়ক্তৰ লগতে ৰাজহ চক্ৰ বিষয়া, আৰক্ষী অধীক্ষক আৰু আন আন বিষয়াসকলে । কেৱল দেওবাৰেই নহয়, শনিবাৰেও জিলাখনৰ পাতিয়ালা গাঁৱত অবৈধভাৱে বসবাস কৰা লোকৰ বিৰুদ্ধে প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান ৷

Eviction in Karimganj
কৰিগঞ্জৰ ভিন্ন প্ৰান্তত চলিল প্ৰশাসনৰ হাঁতোৰা

এই উচ্ছেদ অভিযানৰ বিৰোেধিতাৰে দেওবাৰে অঞ্চলৰ একাংশ ৰাইজে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদো ৷ উচ্ছেদিত একাংশ ৰাইজে উল্লেখ কৰা অনুসৰি, মাটিৰ সম্পূৰ্ণ বৈধ নথি-পত্ৰ থকাৰ পিছতো প্ৰশাসনে ভাঙি পেলাইছে তেওঁলোকৰ ঘৰ-দুৱাৰ ৷ যাক লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷

উল্লেখ্য যে, কৰিমগঞ্জৰ ইচাবিল চাহবাগিচাৰ প্ৰায় 1200 বিঘা ভূমি অবৈধভাৱে একাংশ লোকে দখল কৰাৰ (Isabheel Tea Estate) বাবে শনিবাৰৰ পৰা দুদিন ধৰি অঞ্চলটোত প্ৰশাসনে চলাই এই উচ্ছেদ অভিযান ৷

লগতে পঢ়ক : Eviction in Karimganj: কৰিমগঞ্জস্থিত অসম চাহ নিগমৰ ভূমিত উচ্ছেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.