ETV Bharat / state

Fake gold and currency sized: গহপুৰত 6 লাখ টকাসহ নকল সোণ জব্দ

author img

By

Published : May 20, 2023, 6:11 PM IST

Fake gold and currency sized at Gohpur
গহপুৰত 6 লাখ টকাসহ নকল সোণ জব্দ

এতিয়া ৰাজ্যত চলি থকা অবৈধ নকল টকা আৰু নকল সোণ জব্দ কৰিবলৈ উঠি পৰি লাগিছে অসম আৰক্ষী ৷ শনিবাৰে গহপুৰ মহকুমা আৰক্ষীয়ে এক অভিযান চলাই বঙালমৰা 2 নং সোণাপুৰ পৰা 6 লাখ 60 হাজাৰ টকাসহ 4টাক আটক কৰিবলৈ সক্ষম হয় (Fake gold and currency sized) ৷

গহপুৰত 6 লাখ টকাসহ নকল সোণ জব্দ

বিশ্বনাথ, 20 মে’: সমগ্ৰ ৰাজ্য জোকাৰি যোৱা জোনমণি ৰাভাৰ মৃত্যুৰ পিচত উত্থাপন হৈছে এতিয়া বহু প্ৰশ্নৰ (Junmoni Rabha death case update) । এইয়া দুৰ্ঘটনা, আত্মহত্যা নে মৃত্যু বুলি তিনিটা ফৈদত ভাগ হৈ গৈছিল সচেতন মহল ৷ তাৰ মাজতেই বিভিন্নজনে বিভিন্ন তথ্য প্ৰকাশ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত আউল লগোৱাও পৰিলক্ষিত হৈছিল । যাৰ বাবেই সমগ্ৰ ঘটনাৰ তথ্যৰ সৈতে শনিবাৰে পুৱা 11 বজাত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় অৰ্থাৎ উলুবাৰীস্থিত আৰক্ষী সঞ্চালক প্ৰধানৰ আলোচনাগৃহত চি আই ডিয়ে আয়োজন কৰিছিল এক সংবাদমেলৰ ।

এই সংবাদমেলত অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱাৰ লগতে ৰাজ্যত চলি থকা নকল সোণ আৰু চোৰাং ৰমৰমীয়া বেহাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছিল (GP singh press meet) ৷ জি পি সিঙে সংবাদমেলখনত সমগ্ৰ ৰাজ্যত চলি থকা নকল সোণৰ চক্ৰসমূহ আগন্তুক 30 দিনৰ ভিতৰত উৎখাত কৰাৰ নিৰ্দেশনা দিছিল আৰক্ষীক‌ ৷

ইয়াৰ পিচতে এতিয়া ৰাজ্যত চলি থকা অবৈধ নকল টকা আৰু নকল সোণ জব্দ কৰিবলৈ উঠি পৰি লাগিছে অসম আৰক্ষী ৷ বিগত ২৪ ঘন্টাত সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সৰ্বমুঠ 71টা নকল সোণ আৰু নকল টকা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে (Operation against fake gold) ৷ ৰাজ্য আন আন প্ৰান্তৰ লগতে বিশ্বনাথ আৰক্ষীও তৎপৰ হৈছে নকল সোণ আৰু টকাৰ সৰবৰাহকাৰী বিৰুদ্ধে (Fake gold and currency sized) ৷

শনিবাৰে গহপুৰ মহকুমা আৰক্ষীয়ে চলোৱা এক অভিযানত বঙালমৰা 2 নং সোণাপুৰ পৰা 6 লাখ 60 হাজাৰ টকা সহ 4টাক আটক কৰিবলৈ সক্ষম হয় ৷ আটাকাধীন কেইটা ক্ৰমে আনোৱাৰা বেগম, নজমুল হক, নাৰ্জিনা বেগম,আব্দুল মুন্নাছ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনোৱাৰা বেগমৰ পৰা নকল সোণ আৰু আব্দুল মুন্নাছৰ পৰা নগদ 6 লাখ 60 হাজাৰ টকা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (4 smuggler detained) ৷ আটকাধীন কেইজনক অধিক তথ্য বাবে গহপুৰৰ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে‌‌ ৷

লগতে পঢ়ক: Criminal Activities in North Assam: আৰক্ষীয়ে কেতিয়া নিয়ন্ত্ৰণ কৰিব উত্তৰ অসমৰ অপৰাধৰ ঘাটি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.