ETV Bharat / state

Tea Garden Model School: বিশ্বনাথত চাহ বাগিচাৰ কেইবাখনো আদৰ্শ বিদ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 22, 2023, 10:41 PM IST

Tea Garden Model School
Tea Garden Model School

বিশ্বনাথত কেইবাখনো চাহ বাগিচা অঞ্চলত স্থাপন কৰা আদৰ্শ বিদ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চাহ বাগিচা অঞ্চলত মহাবিদ্যালয় স্থাপন বাবে চিন্তা-চৰ্চা কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বিশ্বনাথত চাহ বাগিচাৰ কেইবাখনো আদৰ্শ বিদ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

বিশ্বনাথ, 22 জুন: বৃহস্পতিবাৰে বিশ্বনাথ মহকুমাৰ বিহালী সমষ্টিৰ জিনজিয়া আৰু বিশ্বনাথ সমষ্টিৰ চাহ বাগিচাত নিৰ্মাণ কৰা আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিহালীৰ জিনজিয়া চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, কেটেলা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিশ্বনাথ বিধানসভা সমষ্টিৰ পাভৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বিদ্যালয় উদ্বোধনৰ পাচত এক সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ পোহৰ পাবলৈ দূৰৈলৈ যাব নালাগে ৷ এতিয়া পৰা প্ৰাথমিক বিদ্যালয়ত পঢ়া পিচত উচ্চ আৰু উচ্চতম মাধ্যমিক বিদ্যালয় পঢ়িবলৈ বাহিৰলৈ যাব নালাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

হাইস্কুল উত্তীৰ্ণ হোৱাৰ পাচত মহাবিদ্যালয়ত অধ্যয়নৰ বাবে বাহিৰলৈ যাতে যাব নালাগে তাৰ প্ৰতি লক্ষ্যৰাখি বাগিচা অঞ্চলত শীঘ্ৰেই মহাবিদ্যালয় খোলাৰ বাবেও চিন্তা-চৰ্চা কৰি থকা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ ৰাজ্যত চাহ বাগিচাসমূহত 119 খন আদৰ্শ বিদ্যালয় স্থাপন হৈছে আৰু অনাগত দিনবোৰত আৰু 100 খন আদৰ্শ বিদ্যালয় হ'ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷

সভাত চৰকাৰখনে কৰা কাম-কাজৰো খতিয়ান ডাঙি ধৰে ড৹ শৰ্মাই ৷ শিক্ষিত যুৱক-যুৱতীসকলক নিকাভাৱে নিযুক্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰাৰ লগতে 19 লাখ মহিলাৰ জৰিয়তে আৰম্ভ কৰা অৰুণোদয় আচঁনিয়ে বৰ্তমান ৰাজ্যৰ 35 লাখ মহিলাক সামৰিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰ ওপৰিও ৰাজ্যৰ 40 লাখ লোকক শীঘ্ৰে ৰেচন কাৰ্ড দিয়া ব্যৱস্থা হাতত লোৱা লগতে প্ৰতি বছৰে 5 লাখ টকা প্ৰতিটো পৰিয়ালক স্বাস্থ্য বীমাৰ নামত দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও ড৹ শৰ্মাই সভাত মন্তব্য কৰে ৷

লগতে পঢ়ক: Flood Situation in Assam: ৰাজ্যত বানত প্ৰথমগৰাকী লোকৰ মৃত্যু; প্ৰায় 5 লাখ লোক আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.