ETV Bharat / state

বিহালীত স্বাধীনতা দিৱস উপলক্ষে ৰক্তদান কাৰ্যসূচী

author img

By

Published : Aug 16, 2022, 8:34 AM IST

দেশজুৰি পালন কৰা হ'ল ৭৬ সংখ্যক স্বাধীনতা দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হ'ল বিভিন্ন কাৰ্যসূচী(76th Independence Day) । ৰাজ্যৰ অন্যান্য় প্ৰান্তৰ লগতে বিহালীতো বিভিন্ন কাৰ্যসূচীৰ লগতে অনুষ্ঠিত কৰা হয় ৰক্তদান শিবিৰৰ(Blood donation camp in Behali) ।

blood donation camp in bihali on the occasion of independence day
বিহালীৰ বৰগাঙত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে ৰক্ত দান কাৰ্যসূচী ৰূপায়ণ

বিহালী,১৬ আগষ্ট: ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদোগত আয়োজন কৰা হয় এক ৰক্তদান শিবিৰ(76th Independence Day) । গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা আৰু বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটোৰ ৭৫ জন সদস্যই ১ ইউনিটকৈ ৰক্তদান কৰে কেথলিক হাস্পতালত(Blood donation camp in Behali) ।

বিহালীৰ বৰগাঙত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে ৰক্ত দান কাৰ্যসূচী ৰূপায়ণ

এই ৰক্তদান শিবিৰ অনুষ্ঠানত কলাশ্রী বিনোদ খনাল,বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা, কেথলিক হাস্পতালৰ ফাডাৰ পিটাৰ বসুমতাৰী, চিকিৎসক দিলীপ কটকী, কেথলিক মিছনৰ সঞ্চালক ফাডাৰ জ'শ্বকে,ৰক্ত ভাণ্ডাৰ দায়িত্ববাহী বিষয়া চিষ্টাৰ জ্যোতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদক মনোজ গৌতম, বিহালী অঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ ভট্টৰাই, সম্পাদক বিজয়ী কৈৰেলা, সংগঠনটোৰ বিষয়ববীয়া দিলীপ গজুৰেল, ঘনলাল বিশ্বকৰ্মা, প্ৰকাশ খনাল, বাসুদেৱ খৰেলকে ,বিহালীৰ প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক অম্লান কাশ্যপ সাহা, বিহালীৰ প্ৰেছ ক্লাৱৰ সদস্য ত্ৰিদিপ দাসকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক লোক উপস্থিত থাকে ।

দেশৰ স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত গ্ৰহণ কৰা এই মহান কাৰ্যৰ শলাগ লৈছে বিহালীৰ সচেতন ৰাইজে । ভৱিষ্যতেও সংগঠনটোৱে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে ।

লগতে পঢ়ক: নিজস্ব ভাষা জলাঞ্জলি দি অসমীয়া ভাষা কোৱা মুছলমানসকলক ককৰ্থনা বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.