ETV Bharat / state

African Swine Flu: বিশ্বনাথত ৬৬ খন গাঁৱক সামৰি জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

author img

By

Published : May 4, 2022, 8:01 PM IST

biswanath-district-administrations-notice-issued-against-african-swine-fever
বিশ্বনাথত ৬৬ খন গাঁৱক সামৰি জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বিৰুদ্ধে তৎপৰ বিশ্বনাথ জিলা প্ৰশাসন (African swine fever) ৷ ৬৬ খন গাঁৱক সামৰি জাৰি কৰা হৈছে নিষেধাজ্ঞা (Notice issued to control African swine fever)৷

বিশ্বনাথ, 4 মে : 'আফ্ৰিকান ছোৱাইন ফিভাৰ' সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে বিশ্বনাথ জিলা প্ৰশাসন । গাহৰিৰ মাংস আৰু গাহৰিৰ দেহৰ পৰা 'আফ্ৰিকান ছোৱাইন ফিভাৰ'ৰ সংক্ৰমণ প্ৰতিৰোধ কৰা আৰু সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসনে জিলাখনৰ প্ৰতাপগড় চাহ বাগিছাৰ পুৰণি বস্তি লাইন, বলোডোঙা আৰু অন্যান্য 64 খন গাঁৱৰ এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আক্ৰান্ত অঞ্চলসমূহ কন্টেইনমেন্ট জ'ন আৰু এই সংক্ৰমিত এলেকাৰ দহ কিলোমিটাৰৰ ভিতৰত নিৰীক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে ।

অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ (Department of Animal Husbandry and Veterinary)যুটীয়া সচিবে ৩০ এপ্ৰিলত জাৰি কৰা ভিএফএন.২১৮/২০২০/২৩৪ নম্বৰৰ জাননী অনুসৰি বিশ্বনাথৰ জিলা দণ্ডাধীশ মুনীন্দ্ৰ নাথ ঙাটেই 'পশুৰ সংক্ৰমণ প্ৰতিৰোধ আৰু সংক্ৰামক ৰোগ প্ৰতিৰোধ আইন-২০০৯'ৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিগত ২ মে'ত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

Biswanath district administration's notice issued against African swine fever
বিশ্বনাথত ৬৬ খন গাঁৱক সামৰি জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

সেই অনুসৰি কোনো জীৱিত গাহৰি, গাহৰিৰ খাদ্য, গাহৰিৰ মাংস আৰু গাহৰিৰ মাংসৰ সামগ্ৰী অঞ্চলটোৰ পৰা বাহিৰলৈ নিবলৈ বা অনাৰ অনুমতি দিয়া নহ'ব (Biswanath district banned from trespassing pork products) । সেইদৰে কোনো সামগ্ৰী বা জন্তুৰ বাহনে সংক্ৰমিত অঞ্চলৰ পৰা বা বাহিৰৰ কোনো জন্তু কঢ়িয়াই নিব নোৱাৰিব (Assam’s Biswanath Dist bans Pig Transport, Markets), একেদৰে ঘোষিত সংক্ৰমিত অঞ্চল, পথ বা ৰেলপথৰ মাজেৰে জন্তুৰ (গাহৰি) বাহনৰ চলাচল কৰিব পাৰিব যদিও পশু চিকিৎসা কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা চেনিটাইজেছনৰ প্ৰমাণপত্ৰৰ অবিহনে নমাব নোৱাৰিব ৷

যদি কোনো লোক এই 'আফ্ৰিকান ছোৱাইন ফিভাৰ'ৰ পৰা সংক্ৰমিত হয়, তেন্তে মৃত লোকজনক উলিয়াই নিবলৈ অনুমতি দিয়া নহ'ব ৷ ইয়াৰোপৰি কোনো ব্যক্তি, সংগঠন বা প্ৰতিষ্ঠানে পশু বজাৰ, পশু মেলা, পশু প্ৰদৰ্শনী আদিৰ দৰে কোনো কাৰ্যকলাপ চলাব নোৱাৰিব, য'ত অঞ্চলটোৰ ভিতৰত গাহৰিৰ গোট বা সংগ্ৰহ অন্তৰ্ভুক্ত থাকে ।

আনহাতে, কোনো ব্যক্তিয়ে আফ্ৰিকান ছোৱাইন ফিভাৰৰ দ্বাৰা সংক্ৰমিত বা সন্দেহ কৰা কোনো গাহৰি বজাৰ, নিৰপেক্ষ প্ৰদৰ্শনী আন মণ্ডলী বা কোনো ৰাজহুৱা স্থানলৈ অনা বা অনাৰ চেষ্টা নকৰিব বুলিও নিৰ্দেশনাযোগে উল্লেখ কৰা হৈছে ৷ ইফালে, পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থকাৰ লগতে এই নিয়মসমূহ উলংঘা কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

লগতে পঢ়ক : Third Wave of Covid in Assam : ক’ভিডৰ তৃতীয় ঢৌৰ সৰ্বাধিক ভয়াৱহতা ৰাজ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.