ETV Bharat / state

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য ৰঞ্জিত দত্তৰ

author img

By

Published : May 22, 2021, 12:27 PM IST

cm fund donate
মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ৩ লাখ টকাৰ আৰ্থিক সাহাৰ্য ৰঞ্জিত দত্তৰ

সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা মহামাৰীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে মহামাৰীবিধৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰখনৰ সহায় হোৱাকৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই ।

বিশ্বনাথ, ২২ মে': দেশ তথা অসমত কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । ৰাজ্য চৰকাৰে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সাহায্য বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰঙণি বিচাৰি আহ্বান জনাইছিল ।

cm fund donate
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩ লাখ টকাৰ আৰ্থিক সাহাৰ্য ৰঞ্জিত দত্তৰ

উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই শুকুৰবাৰে ৭৭নং বিহালী বিধান সভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় । শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ৰঞ্জিত দত্তই তেওঁ নিজৰ দৰমহাৰ এক লাখ টকা আৰু তেওঁৰ পৰিয়ালৰ গাংমৌ চাহ উদ্যোগৰ পৰা ২ লাখ টকাৰ চেক প্ৰদান কৰে ।

লগতে পঢ়ক: আৰ্তজনলৈ সহায়ৰ হাত বৰগাং গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.