ETV Bharat / state

ইটাখোলাত উচ্ছেদ অভিযান : উচ্ছেদ কৰিলে ৪৫টাকৈ ব্যৱসায়িক কেন্দ্ৰ

author img

By

Published : May 31, 2022, 2:01 PM IST

istration eviction drive in itakhola
ইটাখোলাত উচ্ছেদ অভিযান: উচ্ছেদ কৰিলে ৪৫টাকৈ ব্যৱসায়িক কেন্দ্ৰ

আকৌ চলিল প্ৰশাসনৰ বুলড’জাৰ । এইবাৰ বিশ্বনাথ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলালে চতিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ইটাখোলাত(Eviction drive in Itakhola) । উচ্ছেদ কৰিলে ৪৫ টাকৈ ব্যৱসায়িক কেন্দ্ৰ ।

চতিয়া/বিশ্বনাথ, ৩১ মে': জামুগুৰিহাটৰ নিকটৱৰ্তী ইটাখোলাত উচ্ছেদ অভিযান(Eviction drive in Itakhola) । বিশ্বনাথ প্ৰশাসনৰ দ্বাৰা চলিল এই উচ্ছেদ অভিযান । দীৰ্ঘদিন ধৰি চৰকাৰী মাটি বেদখল কৰি একাংশ লোকে চলাই গৈছিল ব্যৱসায়(Business was run by encroaching land) । মঙলবাৰে পুৱা আঠ বজাৰ পৰা আৰম্ভ হয় এই উচ্ছেদ অভিযান ।

চতিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত ইটাখোলাৰ ৪৫ টাৰো অধিক ব্যৱসায়িক কেন্দ্ৰ জেচিবিৰে ভাঙি লণ্ড-ভণ্ড কৰিলে প্ৰশাসনে । ইয়াৰোপৰি ইটাখোলা সাপ্তাহিক বজাৰৰ আশে-পাশে থকা অবৈধ গৃহসমূহতো জিলা প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ চলোৱা হ'ব বুলি চক্ৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

ইটাখোলাত উচ্ছেদ অভিযান

আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বিশাল দল লগত লৈ বিশ্বনাথ জিলা প্ৰশাসনে পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে সম্পন্ন কৰে উচ্ছেদ অভিযান । প্ৰশাসনৰ মতে, এই উচ্ছেদ অভিযানে ইটাখোলাৰ যান-জঁট সমস্যা নিৰ্মূল কৰিব ৷ এই উচ্ছেদ অভিযানত ইটাখোলাৰ জনতাই পূৰ্ণ সহযোগিতা আগবঢ়াই বুলি মন্তব্য কৰে প্ৰশাসনৰ লোকে ৷

লগতে পঢ়ক: খোৱা পানীৰ অভাৱত ডিমা হাছাওত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.