ETV Bharat / state

Scam in PMGKAY in Gohpur :গহপুৰৰ সমবায়ত দৰিদ্ৰ জনতাৰ চাউল হৰলুকি, গ্ৰেপ্তাৰ ৯

author img

By

Published : Jul 1, 2023, 10:34 PM IST

Scam in PMGKAY in Gohpu
প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ

দৰিদ্ৰ জনতাৰ চাউল খোৱা ৯ জনকৈ অভিযুক্ত গ্ৰেপ্তাৰ । গহপুৰত সমবায়ে সমবায়ে CM ভিজিলেঞ্চৰ অভিযান ।

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ

বিশ্বনাথ, ১জুলাই :দৰিদ্ৰৰ নামত অহা চাউল সমূহ সমবায় সমূহত যোগান ধৰাৰ পৰিবৰ্তে ক'লা বজাৰত বিক্ৰী কৰি কোটি কোটি টকা হৰলুকি কৰা ৯ জনকৈ অভিযুক্ত মুখ্য়মন্ত্ৰীৰ তদাৰকী শাখাৰ জালত পৰিল । শুক্ৰবাৰে গহপুৰ মহকুমা কেইবাখনো সমবায়ত মুখ্য়মন্ত্ৰীৰ তদাৰকী শাখাই অভিযান চলায় ।

বিগত দুটা বছৰত ক'ভিড-১৯ বাবে দেশৰ জনতাৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছিল । বিশেষকৈ দেশৰ দৰিদ্ৰ জনতাৰ মাজত সৃষ্টি হৈছিল এই হাহাকাৰ পৰিস্থিতিৰ । লকডাউনৰ সময়ত যাতে দেশৰ দৰিদ্ৰ লোক সকলে ন্যুনতম প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত কোনো সমস্যাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজৰ অধীনত দেশৰ দৰিদ্ৰ জনতাক বিনামূলীয়াকৈ চাউল যোগান ধৰা ব্যৱস্থা কৰিছিল । কিন্তু এই দৰিদ্ৰৰ নামত অহা অন্ন মুঠিত একাংশ লোভী চৰকাৰী বিষয়া ঠিকাদাৰৰ চকু ।

দৰিদ্ৰ নামত সূলভ মূল্য দোকানত যোগান ধৰা কেইজনমান ঠিকাদাৰ আৰু সমবায় সমিতিৰ বিষয়া আৰু যোগান বিভাগৰ বিষয়া কৰ্মচাৰীয়ে দৰিদ্ৰৰ নামত অহা চাউল সমূহ সমবায় সমূহত যোগান ধৰাৰ পৰিবৰ্তে ক'লা বজাৰত বিক্ৰী কৰি কোটি কোটি টকা হৰলুকি কৰিছিল । ইফালে,শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত মাৰ্কিটিং ছ'ছাইটিৰ অধীনস্থ কেইবাখনো সমবায়ৰ চাউল ক'লা বজাৰত বিক্ৰীৰ অভিযোগ উঠিছিল । এই অভিযোগৰ ভিত্তিত ৭ জনকৈ অভিযুক্ত বৃহস্পতিবাৰে মুখ্য়মন্ত্ৰীৰ তদাৰকী শাখাৰ জালত পৰে ।

উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি মাৰ্কেটিং ছ'ছাইটিৰ অধীনস্থ ঢেকীয়াজুলি টাউন সমবায় আৰু মিচিবাৰী সমবায় সমিতিৰ বাবে আবণ্টিত জুন আৰু জুলাই মাহৰ Advance Liftingৰ প্ৰায় ২৪০০ কুইণ্টল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ চাউল দুই কোটি টকাত ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে । এই অভিযোগৰ ভিত্তিতেই ৯ জনকৈ অভিযুক্ত মুখ্য়মন্ত্ৰীৰ তদাৰকী শাখাই হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত প্ৰতিখন সমবায়ত অভিযান চলাবলৈ তৎপৰতা অৱলম্বন কৰিছে চি এম ভিজিলেঞ্চে ।

সেই অনুসৰি গুৱাহাটীৰ পৰা অহা তিনিজনীয়া মুখ্য়মন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে গহপুৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি শুকুৰবাৰৰ পৰা অভিযান চলাই গহপুৰ মহকুমাত থকা ৬খন সমবায়ত । কালি দুপৰীয়া মুখ্য়মন্ত্ৰীৰ তদাৰকী শাখাৰ দলটোৱে গহপুৰ মহকুমাধিপতি কাৰ্যলয়ত থকা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যলয়লৈ মাতি নিয়ে গহপুৰ মহকুমাৰ লোহিতমুখ,গহপুৰ,কলাবাৰী, কলংপুৰ,ব্ৰহ্মাজান আৰু হেলেম সমবায় সমিতিৰ সম্পাদকসকলক । এই দলটোৱে উক্ত ৬ সমবায় সম্পাদকৰ পৰা নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছত পুনৰ শুকুৰবাৰে বিয়লি গহপুৰ,কলাবাৰী, লোহিতমুখ আৰু কলংপুৰ সমবায় সমিতিত দলটো উপস্থিত হৈ কাৰ্যালয় আৰু গুদাম ঘৰ পৰিদৰ্শন কৰে । লগতে ষ্ট'ক বুক,ৰেজিষ্টাৰ বহী,চালান আদি পৰীক্ষা কৰে।

আনহাতে, শনিবাৰে উক্ত মুখ্য়মন্ত্ৰীৰ তদাৰকী শাখাৰ দলটোৱে ব্ৰহ্মাজান আৰু হেলেম সমবায়ত উপস্থিত হৈ একেধৰণে বহী-পত্ৰ,কাৰ্যালয়, গুদাম আদি পৰীক্ষা কৰে । চি এম ভিজিলেঞ্চৰ দলটোৱে প্ৰতিখন সমবায় সমিতিত চলিত বৰ্ষৰ মে', জুন আৰু জুলাই মাহৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ চাউলৰ তন্ন তন্নকৈ হিচাপ লোৱাৰ লগতে একাংশ এজেণ্ট আৰু উপভোক্তাৰ পৰা সময়মতে নিৰ্ধাৰিত পৰিমাণৰ চাউল লাভ কৰি আহিছে নে তাৰ ওপৰত জবানবন্দী গ্ৰহণ কৰে । গহপুৰ মহকুমাৰ উক্ত ৬ সমবায়ত মুখ্য়মন্ত্ৰীৰ তদাৰকী শাখাৰ অভিযানকাৰী দলটোৱে কিবা আসোঁৱাহ বা দুৰ্নীতি-অনিয়ম পোৱা-নোপোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য কৰা নাই ।

লগতে পঢ়ক:Scam in the allotment of land:ভূমি আৱন্টনৰ নামত ৰাজ্যত চলিছে বৃহৎ কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.