ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Sep 5, 2021, 11:53 AM IST

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ আৰ্থিক সংকটত পৰিছে সৰ্ব-সাধাৰণ ৰাইজ ৷ মূল্যবৃদ্ধি ৰোধৰ হকে ৰাজপথলৈ আহিল যুৱ কংগ্ৰেছী ৷
youth congress protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

বৰপেটা, 5 ছেপ্তেম্বৰ : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ বিপাঙত পৰিছে সৰ্ব-সাধাৰণ ৰাইজ ৷ দিনক দিনে অৱনমিত হৈছে ৰাজ্যবাসীৰ আৰ্থিক অৱস্থিতি ৷ যাৰ বিৰুদ্ধে শনিবাৰে হাউলীৰ ৰাজপথলৈ ওলাই আহে যুৱ কংগ্ৰেছীসকল ৷

youth congress protest against price hike
হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

কৰ'ণাৰ (Corona) প্ৰথম আৰু দ্বিতীয় ঢৌৱে ইতিমধ্যে জুৰুলা কৰিছে দেশবাসীক । আৰ্থিক সংকটত পৰিছে বহু লোক । কৰ্ম সংস্থাপন, ব্যৱসায়-বাণিজ্য আদি সকলোতে পৰিছে ইয়াৰ প্ৰভাৱ । মহামাৰীৰ সংকটৰ বাবে কৰ্মসংস্থাপন হেৰুৱাইছে বহু লোকে ।

youth congress protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

বহুতৰে ব্যৱসায় বন্ধ হৈ পৰিছে । ৰাইজৰ এনে দুৰ্যোগৰ মাজতো কিন্তু দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যথেষ্ট বৃদ্ধি হৈছে । পেট্ৰ'ল-ডিজেলৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে (Price hike) সমস্যাত পেলাইছে সাধাৰণ নাগৰিকক ।

লগতে পঢ়ক: ৰঙা চিলিণ্ডাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক

বিশেষকৈ ৰন্ধন গেছৰ মূল্য হৈছে গৈ প্ৰায় 1000 টকা, মিঠাতেলৰ মূল্য প্ৰায় 200 টকা আৰু পেট্ৰ’লৰ মূল্যই অতিক্ৰম কৰিছে শতকৰ ঘৰ ৷ যাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ এতিয়া আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে পানীত হাঁহ নচৰা পৰিস্থিতিৰ সন্মুখীন হৈছে । বিশেষকৈ গৃহিণীসকলে পাকঘৰত ৰন্ধা-বঢ়াৰ কৰাৰ ক্ষেত্ৰত জ্বলা-কলা খাব লগাত পৰিছে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

দেশত অত্যৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক হাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে হাউলীৰ মাজমজিয়াত যুৱ কংগ্ৰেছীসকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে কঁপাই তোলে হাউলীৰ ৰাজপথ ৷

লগতে পঢ়ক: আমগুৰিত শিক্ষক দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.