ETV Bharat / state

বৰপেটাৰ দুগৰাকী শিল্পীলৈ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান

author img

By

Published : Aug 20, 2019, 6:44 PM IST

মনোজ কুমাৰ দাসক ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান

বৰপেটাৰ সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসক সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান ৷ একেটা অনুষ্ঠানতে মুকাভিনয় শিল্পী কুলদ্বীপ পাটগিৰিকো ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান কৰা হয় ৷

বৰপেটা, ২০ আগষ্টঃ বৰপেটাৰ সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসক সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান ৷ সোমবাৰে মণিপুৰৰ জৱাহৰলাল নেহেৰু ডাঞ্চ একাডেমীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল ডঃ নাজমা হেপাতুল্লাই সত্ৰীয়া শিল্পীগৰাকীক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে এই বঁটা ৷
শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ অন্যতম লোকবাদ্য খোলটোৰে জগত জিনাৰ নিৰলস সাধনাত ব্যস্ত বৰপেটাৰ যুৱ সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসক সংগীত নাটক অকাডেমিয়ে ২০১৮ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটাৰে সন্মানিত কৰে ৷ উক্ত বঁটা প্ৰদান অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপালৰ লগতে সংগীত নাটক একাডেমীৰ অধ্যক্ষ শেখৰ সেন,সংগীত নাটক অকাডেমীৰ সচিব ৰীতা স্বামী চৌধুৰীকে আদি কৰি ভাৰতবৰ্ষৰ বহু বিশিষ্ঠ শিল্পী উপস্থিত থাকে ৷ বৰপেটা সত্ৰৰ নিত্য প্ৰসংগৰ লগতে সত্ৰীয়া সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জৰিত মনোজ কুমাৰ দাসে নৱ প্ৰজন্মৰ মাজত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে বিদেশতো খোলবাদ্যৰ অনুষ্ঠান পৰিৱেশন কৰি আহিছে ৷ সোমবাৰে মনোজ কুমাৰ দাসৰ সৈতে একেটা অনুষ্ঠানতে মুকাভিনয় শিল্পী কুলদ্বীপ পাটগিৰিকো ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান কৰা হয় ৷

মনোজ কুমাৰ দাসক ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান
Intro:

বৰপেটা, ২০ আগষ্টঃ বৰপেটাৰ সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসক সংগীত নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান ৷ সোমবাৰে মণিপুৰৰ জৱাহৰলাল নেহেৰু ডাঞ্চ একাডেমীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মনিপুৰৰ ৰাজ্যপাল ড° নাজমা হেপতুল্লাই সত্ৰীয়া শিল্পীগৰাকীক আনুষ্ঠানিক ভাৱে এই বঁটা প্ৰদান কৰে ৷ Body:শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি সত্ৰীয়া সংস্কৃতিৰ অন্যতম লোকবাদ্য খোলটোৰে জগত জিনাৰ নিৰলস সাধনাত ব্যস্ত বৰপেটাৰ যুৱ সত্ৰীয়া শিল্পী মনোজ কুমাৰ দাসক সংগীত নাটক অকাডেমিয়ে ২০১৮ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটাৰে সন্মানিত কৰে ৷ বঁটা প্ৰদান অনুষ্ঠানত মনিপুৰৰ ৰাজ্যপালৰ লগতে সংগীত নাটক একাডেমীৰ অধ্যক্ষ শেখৰ সেন, সংগীত নাটক অকাডেমীৰ সচিব ৰীতা স্বামী চৌধুৰীকে আদি কৰি ভাৰতবৰ্ষৰ বহু বিশিষ্ঠ শিল্পী উপস্থিত থাকে । বৰপেটা সত্ৰৰ নিত্য প্ৰসংগৰ লগতে সত্ৰীয়া সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জৰিত মনোজ কুমাৰ দাসে নৱ প্ৰজন্মৰ মাজত সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে বিদেশতো খোলবাদ্যৰ অনুষ্ঠান পৰিবেশন কৰি আহিছে ৷ সোমবাৰে মনোজ কুমাৰ দাসৰ সৈতে একেটা অনুষ্ঠানতে মুকাভিনয় শিল্পী কুলদ্বীপ পাটগিৰিকো ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰদান কৰা হয় ৷
Conclusion:বাইট: মনোজ কুমাৰ দাস
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.