ETV Bharat / state

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

author img

By

Published : Aug 29, 2022, 1:57 PM IST

Kiren Rijiju at Barpeta Satra on the occasion of  Srimanta Sankardev Birth anniversary
গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

বৰপেটা সত্ৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ৷ সোমবাৰে পোন প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰ দৰ্শন কৰে দেশৰ আইন আৰু ন্যায় মন্ত্ৰীগৰাকীয়ে ৷ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোত বৰপেটা সত্ৰত পদাৰ্পণ কৰি মন্ত্ৰীগৰাকীয়ে গুৰু আসনৰ সন্মুখত আঁঠু লয় ৷ বৰপেটা সত্ৰৰ আশিস লৈ নিজৰ লগতে দেশ আৰু ৰাজ্যবাসীৰ মংগল কামনা কৰে মন্ত্ৰীগৰাকীয়ে (Janmostav of Srimanta Shankardev) ৷

বৰপেটা, ২৯ আগষ্ট: আজি জগতগৰু শ্ৰীমন্ত শংকৰদেৱৰ 574 সংখ্যক তিৰোভাৱ তিথি (574th Birth anniversary of Srimanta Sankardev)। হৰি নাম ধ্বনিৰে মুখৰিত ৰাজ্যৰ সমূহ সত্ৰ নামঘৰ ৷ পুৱাৰে পৰা ৰাজ্যজুৰি বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে ৷ এইবাৰ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বিভিন্ন সত্ৰ, নামঘৰত দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নেতা, মন্ত্ৰী, বিধায়ক সকলকো ৷

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু (Cabinet Minister of Law and Justice Kiren Rijiju) ৷ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনটোত বৰপেটা সত্ৰত পদাৰ্পণ কৰি মন্ত্ৰীগৰাকীয়ে গুৰু আসনৰ সন্মুখত আঁঠু লয় ৷ সাংবাদিকৰে হোৱা মত বিনিময়ত বৰপেটা সত্ৰ দৰ্শন কৰি আশিস ধন্য হোৱা বুলি মন্তব্য কৰে কিৰেণ ৰিজিজুৱে ৷ লগতে বৰপেটা সত্ৰৰ আশিস লৈ নিজৰ লগতে দেশ আৰু ৰাজ্যবাসীৰ মংগল কামনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

লগতে বৰপেটা সত্ৰৰ ঐতিহ্য-গৰিমাৰ কথা বহু আগৰ পৰাই শুনি আহিছিল বুলি উল্লেখ কৰি সত্ৰখন বহু পলমকৈ দৰ্শন কৰিবলগীয়া হোৱাত আক্ষেপ প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ বৰপেটা সত্ৰলৈ অহা প্ৰতিগৰাকী লোকেই ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰে বুলি মন্তব্য কৰে কিৰেণ ৰিজিজুৱে ৷ সত্ৰনগৰী বৰপেটাক অসমৰ অন্যতম পৱিত্ৰ স্থান বুলি অভিহিত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰােভাৱ তিথি পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.