ETV Bharat / state

বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰােভাৱ তিথি পালন

author img

By

Published : Aug 29, 2022, 12:55 PM IST

Updated : Aug 29, 2022, 1:27 PM IST

সম্পূৰ্ণ সত্ৰীয়া ৰীতি তথা পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে (Srimanta Sankardeva Tirobhava Tithi at Barpeta Satra) ৷ উল্লেখ্য়, বৰপেটা সত্ৰত সাতদীনিয়াকৈ পালন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷

Barpeta Satra
Barpeta Satra

বৰপেটা, ২৯ আগষ্ট : অসমীয়া সাহিত্যৰ জনক, সংস্কৃতিৰ বাহক, একশৰণ নামধৰ্ম দৰ্শনৰ বাটকটীয়া তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰোভাৱ তিথি (Srimanta Sankardeva Tirobhava Tithi) । নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি আজি সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে পালন কৰা হৈছে ।

সেই উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ । গুৰুজনাৰ একান্ত অনুগামী শিষ্য মাধৱদেৱ গুৰুৱে স্থাপন কৰা তিনিও ৰাজ্যৰ বন্দনীয় স্থান বৰপেটা সত্ৰতো সোমবাৰে পালন কৰা হৈছে মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ (Srimanta Sankardeva Tirobhava Tithi at Barpeta Satra) ৷

সম্পূৰ্ণ সত্ৰীয়া ৰীতি তথা পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ উল্লেখ্য়, বৰপেটা সত্ৰত সাতদীনিয়াকৈ পালন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ সেই উপলক্ষে আজি পুৱাৰে পৰাই বৰপেটা সত্ৰত ভক্তসকলে নাম-প্ৰসঙ্গত অংশগ্ৰহণ কৰে ৷ সত্ৰীয়া ৰীতি অনুসৰি বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটো কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় ৷

বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰােভাৱ তিথি পালন

গুৰুজনাৰ কীৰ্তন মহোৎসৱ উপলক্ষে আজি বৰপেটা সত্ৰত পুৱাৰ গীত আৰু ভটিমা গোৱাৰ পিছতে ঘোষাপাঠ কৰা হয় ৷ আনহাতে, সত্ৰৰ গায়ন-বায়নে গুৰুঘাট পৰিবেশন কৰি ভোজন ব্যৱহাৰ অংক ৰূপায়ণ কৰে ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বৰপেটা সত্ৰত বিবিধ সত্ৰীয়া প্ৰসঙ্গ আৰু হৰিনাম কীৰ্তনৰ ধ্বনিত এক পৱিত্ৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে ৷

সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত গায়ন-বায়নৰ বিবিধ সত্ৰীয়া ৰীতি আৰু পৰম্পৰা পৰিবেশনৰ লগতে সত্ৰৰ প্ৰসঙ্গত বহু ভক্তই সভক্তিৰে অংশগ্ৰহণ কৰে ৷ সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে প্ৰসংগত ভাগ লৈ ভক্তসকলক আশিস প্ৰদান কৰে ৷ আনহাতে, পাটবাউসী, সুন্দৰীদিয়া, বাৰাদি আদি সত্ৰতো গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷

উল্লেখ্য, শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) আছিল ১৫-১৬ শতিকাৰ এগৰাকী সাধু-পণ্ডিত, কবি, নাট্যকাৰ, নৃত্যশিল্পী, অভিনেতা, সংগীতজ্ঞ, শিল্পী, সামাজিক-ধৰ্মীয় সংস্কাৰক আৰু অসম তথা ভাৰতৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব (Assamese polymath Srimanta Sankardeva) ।

তেওঁক অতীতৰ লয় হ'ব ধৰা সাংস্কৃতিক পৰম্পৰাৰ পুনৰ নিৰ্মাণ কৰিছিল সংগীতৰ নতুন ৰূপ বৰগীতৰ প্ৰাণ প্ৰতিষ্ঠাৰে (Borgeet by Sankardeva) । নাট্য প্ৰদৰ্শনৰ অনন্য ৰূপ অংকীয়া নাট-ভাওনা (Sankardeva theatrical performance Ankia Naat), সত্ৰীয়া নৃত্য, সাহিত্যিক ভাষা ব্ৰজাৱলীৰ সৃষ্টিৰ বাবে তেওঁক বিশেষ কৃতিত্ব প্ৰদান কৰা হয় (Brajavali language developed by Sankardeva) । ইয়াৰ উপৰি তেওঁ সংস্কৃত, অসমীয়া আৰু ব্ৰজাৱলী ভাষাৰ সংমিশ্ৰণত লিখা শাস্ত্ৰ ভাগৱত, কবিতা আৰু ধৰ্মীয় ৰচনাসমূহৰ এক বিস্তৃত সাহিত্যিক সম্ভাৰৰ অৱদান আগবঢ়াই থৈ গৈছে ।

তেওঁ আৰম্ভ কৰা ভাগৱতী ধৰ্মীয় আন্দোলন (Bhagavatic religious movement), একশৰণ ধৰ্ম- যাক নৱ-বৈষ্ণৱ আন্দোলন (Neo Vaishnavite movement) বুলিও কোৱা হয়, দুই মধ্যযুগীয়া সাম্ৰাজ্য কোচ আৰু আহোমক প্ৰভাৱিত কৰিছিল । তেওঁ আৰম্ভ কৰা ভক্তসকলৰ সমাবেশ পৰম্পৰা সময়ৰ লগে লগে সত্ৰ নামৰ সন্ন্যাস কেন্দ্ৰলৈ বিকশিত হৈছিল (monastic centers called Satras) । যিবোৰ বৰ্তমানো অসম আৰু কিছু পৰিমাণে উত্তৰ বংগত গুৰুত্বপূৰ্ণ সামাজিক তথা ধৰ্মীয় অনুষ্ঠান হিচাবে পৰিগণিত হৈ আছে (important socio religious institutions in Assam)।

গুৰু নানক, ৰমানন্দ, নামদেৱ, কবীৰ, বাসৱ আৰু চৈতন্য মহাপ্ৰভুৱে ভাৰতীয় উপ-মহাদেশৰ আন আন ঠাইত অনুপ্ৰাণিত কৰাৰ দৰেই শংকৰদেৱে অসমত ভক্তি আন্দোলনক অনুপ্ৰাণিত কৰিছিল (Sankardeva inspired Bhakti movement in Assam) । তেওঁৰ প্ৰভাৱ আনকি অন্য কিছুমান ৰাজ্যলৈও বিয়পি পৰিছিল । ভাৰত সিঙে প্ৰতিষ্ঠা কৰা মটক ৰাজ্য আৰু অষ্টাদশ শতিকাৰ শেষৰ ফালে সৰ্বানন্দ সিঙে একত্ৰিত কৰা সাম্ৰাজ্যতো তেওঁৰ শিক্ষাক সমৰ্থন কৰা হৈছিল ।

তেওঁৰ সাহিত্যিক আৰু শৈল্পিক অৱদান আজিও অসমত নজহা-নপমা পৰম্পৰা হৈ উজলি আছে । তেওঁ প্ৰচাৰ কৰা এক শৰণ নাধৰ্মৰ অলেখ অনুগামী । আনহাতে, তেওঁ স্থাপন কৰা সত্ৰৰ দ্বাৰা উদ্বুদ্ধ হৈ পৰৱৰ্তী সময়তো তেওঁৰ একান্ত শিষ্য তথা অনুগামীসকলে বিভিন্ন স্থানত প্ৰতিষ্ঠা কৰিছিল । আৰু সেই সত্ৰসমূহে তেওঁৰ উত্তৰাধিকাৰীসকলক ক্ৰমান্বয়ে বিকশিত কৰাৰ লগতে সত্ৰীয়া পৰম্পৰা তথা সংস্কৃতি বজাই ৰাখিছে ।

লগতে পঢ়কবিনন্দ শৰ্মা পূজাৰীক শ্ৰীশ্ৰী দামোদৰ দেৱ বঁটা প্ৰদান

Last Updated :Aug 29, 2022, 1:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.