ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 17, 2022, 11:15 AM IST

Top 10 At 11 AM
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Paddy Fields Burnt: মৰণা মাৰিবলৈ গোটাই থোৱা ১৫ বিঘা মাটিৰ ধানত অগ্নিসংযোগ দুৰ্বৃত্তৰ

ৰহাৰ পশ্চিম গছপৰাত হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ৷ ধাননি পথাৰত অগ্নিসংযোগ কৰিলে কোনো অচিনাক্ত দুৰ্বৃত্তই (Paddy Fields Burnt) ৷ ৰহাৰ পশ্চিম গছপৰাৰ দুই ভাতৃ পূৰ্ণকান্ত নাথ আৰু যাদৱ নাথৰ প্ৰায় ১৫ বিঘা মাটিৰ শালি ধানত শুকুৰবাৰে নিশা কোনো দুৰ্বৃত্ত‌ই অগ্নিসংযোগ কৰে (Miscreants set fire to paddy fields) ৷

Separate Kamatapur State : নিৰ্বাচনৰ পূৰ্বে পৃথক কমতাপুৰ গঠনৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই !

১৯ আৰু ২০ ডিচেম্বৰত কমতাপুৰ আৰু কোচবিহাৰ ৰাজ্য গঠনৰ দাবী কৰি অহা সংগঠনেৰে পুনৰ বৈঠকত বহিব কেন্দ্ৰীয় চৰকাৰ (Centre meeting about separate state)। নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমক বিভাজিত কৰি কমতাপুৰ ৰাজ্য গঠনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

Modi Tripura Visit : প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ত্ৰিপুৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

১৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ত্ৰিপুৰা ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে আৰু সমগ্ৰ ৰাজ্যতে বিএছএফক সতৰ্ক কৰি দিছে (PM Narendra Modi Tripura visit) ।

Auction of Nataraj Idol: তামিলনাডু আৰক্ষীৰ হস্তক্ষেপ, ফ্ৰান্সত নটৰাজ মূৰ্তি নিলাম স্থগিত

ফ্ৰান্সৰ প্ৰখ্যাত আন্তঃৰাষ্ট্ৰীয় নিলাম গৃহ ক্ৰিষ্টিজে (international auctioning house Christies in France) ১৯৭২ চনত তামিলনাডুৰ মন্দিৰৰ পৰা চুৰি হোৱা ৫০০ বছৰ পুৰণি নটৰাজ মূৰ্তি এটাৰ নিলাম বন্ধ কৰি দিছে (Nataraj idol stolen from Tamil Nadu temple) । তামিলনাডু আৰক্ষীয়ে বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনোৱা হৈছে ।

Death anniversary while alive : এজনে পালন কৰিলে নিজৰে মৃত্যু দিৱস !

অন্ধ্ৰপ্ৰদেশৰ বাপটলা জিলাৰ চিৰালাত আজৱ ঘটনা সংঘটিত হৈছে । জীয়াই থকা অৱস্থাতে নিজৰ মৃত্যু বাৰ্ষিকী পালন কৰিবলৈ ওলাইছে জ্যেষ্ঠ চিকিৎসক তথা প্ৰাক্তন মন্ত্ৰী পালেতি ৰামা ৰাৱে (One doctor predict his death day)। নিমন্ত্ৰণী পত্ৰও বিতৰণ কৰিছে । পিছে কিয় এই সিদ্ধান্ত লৈছে লোকজনে ?

Fire broke out in Telangana : তেলোংগানাত জীৱন্তে জ্বলি গ’ল 6 জন

তেলেংগানাৰ মানচাৰিয়ালা জিলাত শোকাৱহ ঘটনা (Fire broke out in Telangana) ৷ জিলাখনৰ মাণ্ডামাৰী মণ্ডলৰ ভেংকটাপুৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা ৷ এটা ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতেই সংঘটিত হয় শোকাৱহ ঘটনাটো ৷ অগ্নিকাণ্ডটোৰ ফলত 6 জন লোকে প্ৰাণ হেৰুৱায় (Six people were killed in the fire in Telangana) ৷

North East Theatre Festival-2022: তেজপুৰৰ বান থিয়েটাৰত উত্তৰ-পূব থিয়েটাৰ উৎসৱ-২০২২

১৫ তাৰিখৰে পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত অনুষ্ঠিত হৈছে "উত্তৰ পূব থিয়েটাৰ উৎসৱ-২০২২" । দেশৰ আগশাৰীৰ নাট্যদলৰ চাৰিখনকৈ বিখ্যাত নাটকেৰে আৰম্ভ কৰা হয় এই থিয়েটাৰ উৎসৱ । প্ৰথম দিনাৰ প্ৰথমখনি নাট "অভিজ্ঞানম শকুন্তলম" মঞ্চস্থ কৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰেটৰী দলে(North East Theatre Festival-2022 at Ban Theatre) ।

Mukhtar Hussain in IPL team: IPLৰ নিলামত ডিব্ৰুগড়ৰ মুখতাৰ হুছেইন

পুনৰ IPL লৈ আন এজন অসম সন্তান । ডিব্ৰুগড়ৰ এগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে IPL ত(Dibrugarh player in IPL) । আইপিএলৰ নিলামত ডিব্ৰুগড়ৰ প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ মুখতাৰ হুছেইন ।

Fifa World Cup 2022 : পৰ্তুগালৰ প্ৰশিক্ষক পদ ত্যাগ ফাৰ্ণাণ্ডো চেণ্টোছৰ

ফাৰ্ণাণ্ডো চেণ্টোছে পৰ্তুগাল দলৰ প্ৰশিক্ষকৰ পৰা বিদায় লৈছে । তেওঁৰ দলটো ফিফা বিশ্বকাপ ২০২২-ৰ পৰা বাহিৰ হোৱাৰ পিছত ফাৰ্ণাণ্ডো চেণ্টোছে এই সিদ্ধান্ত গ্ৰহণ কৰে (portugal coach fernando santos resigned) ।

ড্ৰাগছৰ গোচৰত অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক জাননী প্ৰদান কৰে ইডিয়ে

প্ৰৱৰ্তন সঞ্চালকালয়ে ড্ৰাগছৰ গোচৰ সন্দৰ্ভত অভিনেত্ৰী ৰাকুল প্ৰীত সিঙক জাননী জাৰি কৰিছে (ED Notice to Rakul preet Singh) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.