ETV Bharat / bharat

Modi Tripura Visit : প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ত্ৰিপুৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

author img

By

Published : Dec 17, 2022, 10:02 AM IST

১৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ত্ৰিপুৰা ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে আৰু সমগ্ৰ ৰাজ্যতে বিএছএফক সতৰ্ক কৰি দিছে (PM Narendra Modi Tripura visit) ।
Tripura
Tripura

আগৰতলা, ১৭ ডিচেম্বৰ : ১৮ ডিচেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ত্ৰিপুৰা ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰা আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে আৰু সমগ্ৰ ৰাজ্যতে বিএছএফক সতৰ্ক কৰি দিছে (PM Narendra Modi Tripura visit) । শুকুৰবাৰে সন্ধিয়া এক সংবাদমেল সম্বোধন কৰি পশ্চিম জিলাৰ আৰক্ষী অধীক্ষক শংকৰ দেৱনাথে কয় যে আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে ৰাজ্যজুৰি পৰ্যাপ্তসংখ্যক আৰক্ষী আৰু অন্যান্য বাহিনী মোতায়েন কৰা হ'ব (law and order situation of Tripura) ।

"বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত স্থলপথেৰে উপস্থিত হ'ব (PM Modi at Swami Vivekananda Maidan Agartala) । যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত বাহিনী মোতায়েন কৰা হ'ব । কেৱল পশ্চিম জিলাতে নহয়, সমগ্ৰ ৰাজ্যতে আমি নিৰাপত্তা বৃদ্ধি কৰিছোঁ । আমি বিএছএফ আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহকো সতৰ্ক কৰি দিছোঁ । প্ৰতিদিনে ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফ আৰু আৰক্ষীৰ যুটীয়া টহল চলি আছে (Indo Bangladesh international border) । বিবেকানন্দ ময়দানো চিচি টিভি আৰু নিৰাপত্তা বেষ্টনীৰে আৱৰি আছে ।" আৰক্ষী অধীক্ষকগৰাকীয়ে কয় । দেৱনাথে লগতে জনায় যে আগৰতলা চহৰতো আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে নিয়মীয়াকৈ ফ্লেগ মাৰ্চ (flag march) চলাই আছে আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তালাচী অভিযান চলাই আছে ।

পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ দেৱপ্ৰিয়া বৰ্ধনে কয় যে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে দুপৰীয়া ২.২৫ বজাত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত অৱতৰণ কৰিব আৰু আবেলি ২.৪৫ বজাৰ ভিতৰত বিবেকানন্দ ময়দানত উপস্থিত হ'ব । তাত তেওঁ আবেলি ৩.৪৫ বজালৈকে কাৰ্যসূচী অব্যাহত ৰাখিব । তেওঁ লগতে জনায় যে প্ৰাথমিক প্ৰতিবেদন অনুসৰি প্ৰধানমন্ত্ৰীয়ে সাতটা প্ৰকল্প আৰম্ভ কৰিব ।

"চৰকাৰী হিতাধিকাৰীসকলৰ বাবে বিশেষ ৰে'ল আৰু বাছৰ ব্যৱস্থা কৰা হৈছে । আমি কাৰ্যসূচীটোৰ সফল ৰূপায়ণৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আছোঁ । আমি আশা কৰিছোঁ যে অনুষ্ঠানটোৰ সময়ত প্ৰায় ৭২,০০০ চৰকাৰী হিতাধিকাৰী উপস্থিত থাকিব । তেওঁ সন্ধিয়া প্ৰায় ৫.১৫ বজাত ৰাজ্যখনৰ পৰা প্ৰস্থান কৰিব ।" ডিএমে কয় । বৰ্ধনে লগতে জনায় যে প্ৰকল্পসমূহ আৰম্ভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যিক অতিথিশালাতো এখন বৈঠকত সভাপতিত্ব কৰিব । এইখিনিতে উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি মেঘালয়ৰ পৰা আগৰতলাত উপস্থিত হ'ব ।

লগতে পঢ়ক :Chinese loan apps: নথি অবিহনে লোন দিয়া চীনা এপৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.