ETV Bharat / bharat

Death anniversary while alive : এজনে পালন কৰিলে নিজৰে মৃত্যু দিৱস !

author img

By

Published : Dec 17, 2022, 11:03 AM IST

অন্ধ্ৰপ্ৰদেশৰ বাপটলা জিলাৰ চিৰালাত আজৱ ঘটনা সংঘটিত হৈছে । জীয়াই থকা অৱস্থাতে নিজৰ মৃত্যু বাৰ্ষিকী পালন কৰিবলৈ ওলাইছে জ্যেষ্ঠ চিকিৎসক তথা প্ৰাক্তন মন্ত্ৰী পালেতি ৰামা ৰাৱে (One doctor predict his death day)। নিমন্ত্ৰণী পত্ৰও বিতৰণ কৰিছে । পিছে কিয় এই সিদ্ধান্ত লৈছে লোকজনে ?

Death anniversary while alive
নিজৰে মৃত্যু বাৰ্ষিকীৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিছে এজনে

নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ : জীৱিত অৱস্থাত আমি জীৱনৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ দিনবোৰ পালন কৰো । সেয়া হয়তো জন্মদিন হ'ব পাৰে, বিবাহ বাৰ্ষিকী হ'ব পাৰে...। কিন্তু জীৱিত অৱস্থাতে আপুনি আপোনাৰ মৃত্যু দিৱস উদযাপন কৰিব নে ? কথাটো হয়তো আচৰিত যেন লাগিছে ৷ কিন্তু এজন লোকে জীয়াই থাকোতেই মৃত্যু দিৱস পালন কৰিবলৈ ওলাইছে (Death Day observed while still alive)।

Death anniversary while alive
নিজৰে মৃত্যু বাৰ্ষিকীৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিছে এজনে

তেওঁ এইবাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উদযাপন কৰিব । জন্মদিনৰ সলনি তেওঁ পালন কৰে মৃত্যু দিৱস । ইতিমধ্যে নিজৰ মৃত্যু বাৰ্ষিকীৰ বাবে নিমন্ত্ৰণী পত্ৰও ছপাইছে । কেৱল সেয়াই নহয়, বন্ধু আৰু আত্মীয়ক নিমন্ত্ৰণী পত্ৰৰে তেওঁৰ মৃত্যু বাৰ্ষিকীলৈও মাতিছে ।

এই ঘটনা অন্ধ্ৰপ্ৰদেশৰ বাপটলা জিলাৰ চিৰালাৰ । অঞ্চলটোৰ জ্যেষ্ঠ চিকিৎসক তথা প্ৰাক্তন মন্ত্ৰী পালেতি ৰামা ৰাৱে এইবাৰ উদযাপন কৰিব ১২ সংখ্যক মৃত্যু দিৱস (Andhra Man to celebrates his own death day)। মৃত্যু দিৱসৰ নিমন্ত্ৰণী পত্ৰ বিতৰণৰ খবৰ ওলোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Death anniversary while alive
নিজৰে মৃত্যু বাৰ্ষিকীৰ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিছে এজনে

পালেতি ৰামা ৰাৱে পুৱা ১০ বজাত চিৰালাৰ আইএমএ হলত তেওঁৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উদযাপনৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনাইছে সকলোকে । আচলতে ৰামা ৰাৱে উল্লেখ কৰা মতে তেওঁ ৭৫ বছৰ জীয়াই থাকিব বিচাৰিছে (One doctor predict his death day)। ইতিমধ্যে তেওঁ ৬৩ বছৰ সম্পূৰ্ণ কৰিছে । সেয়ে তেওঁ নিশ্চিত যে তেওঁ আৰু মাত্ৰ ১২ বছৰ জীয়াই থাকিব । সেয়েহে তেওঁ এইবাৰ ১২ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰিব । ঠিক তেনেদৰে অহা বছৰ তেওঁ ১১ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰিব ।

জ্যেষ্ঠ চিকিৎসকগৰাকীৰ মতে সময়ৰ লগে লগে ভগৱানে মানুহক বহু কথা শিকাই যদিও মানুহে জীৱন ধাৰণ বা চিন্তাধাৰাবোৰ সংশোধন নকৰে । তেওঁ কিমান বছৰ জীয়াই থাকিলে, কেতিয়ালৈ জীয়াই থাকিব বিচাৰে, মৃত্যু দিন সকলোবোৰ ঠিক কৰি লৈছে চিকিৎসকগৰাকীয়ে । সেয়ে তেওঁ মৃত্যু দিন উদযাপন কৰিবলৈ ওলাইছে ।

লগতে পঢ়ক :Auction of Nataraj Idol: তামিলনাডু আৰক্ষীৰ হস্তক্ষেপ, ফ্ৰান্সত নটৰাজ মূৰ্তি নিলাম স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.