ETV Bharat / state

Mukhtar Hussain in IPL team: IPLৰ নিলামত ডিব্ৰুগড়ৰ মুখতাৰ হুছেইন

author img

By

Published : Dec 17, 2022, 8:56 AM IST

Mukhtar Hussain of Dibrugarh at IPL auction
IPLৰ নিলামত ডিব্ৰুগড়ৰ মুখতাৰ হুছেইন

পুনৰ IPL লৈ আন এজন অসম সন্তান । ডিব্ৰুগড়ৰ এগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে IPL ত(Dibrugarh player in IPL) । আইপিএলৰ নিলামত ডিব্ৰুগড়ৰ প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ মুখতাৰ হুছেইন ।

IPLৰ নিলামত ডিব্ৰুগড়ৰ মুখতাৰ হুছেইন

ডিব্ৰুগড়,17 ডিচেম্বৰ: ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত থকাৰ সময়তে পুনৰ আন এক সুখবৰ অসমলৈ । ডিব্ৰুগড়ৰ এগৰাকী খেলুৱৈ জিলিকিছে ৰাষ্ট্ৰীয় পৰ্যায়ত(Dibrugarh player in IPL) । আইপিএলৰ নিলামত ডিব্ৰুগড়ৰ প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈ মুখতাৰ হুছেইন(Mukhtar Hussain in IPL team) । মুখতাৰৰ সাফল্যত এতিয়া সুখৰ বন্যা মোমায়েকৰ বাসগৃহত ।

ডিব্ৰুগড় চহৰৰ শান্তিপাৰা ৰে'লৱে গেটৰ সন্মুখত থকা মোমায়েকৰ ঘৰত আছিল মুখতাৰ হুছেইন(Mukhtar Hussain of Dibrugarh at IPL auction) । মাত্ৰ দহ বছৰ বয়সতে নিজ মাতৃক হেৰুৱাই মুখতাৰে দুই ভাতৃ সহিতে মোমায়েকৰ ঘৰত জীৱন নিৰ্বাহ কৰিছিল । মুখতাৰৰ মাতৃৰ নাম আছিল প্ৰয়াত ৰেচমা বেগম । মাতৃৰ আকস্মিক মৃত্যুৰ পিছতেই মুখতাৰে মোমায়েকৰ ঘৰতে ক্ৰিকেটৰ অনুশীলন কৰা লগতে পঢ়া-শুনা কৰি গৈছিল ৷

পৰৱৰ্তী সময়ত ডিব্ৰুগড় জিলাৰ ক্ৰিকেট সন্থাৰ লগত জড়িত হৈ আজি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিছে মুখতাৰে(IPL Auction 2023) । মুখতাৰৰ এনে আনন্দৰ বতৰা বিয়পি পৰাৰ পাছতে মোমায়েকৰ ঘৰত আনন্দৰ ঢল উঠিছে । 10 বছৰ বয়সতে মাতৃক হেৰুওৱা মুখতাৰক আইতাক আৰু মোমায়েকে লৈ আনিছিল তেওঁলোকৰ ঘৰলৈ ।

জানিব পৰা অনুসৰি IPL ৰ 2023 বৰ্ষৰ বাবে মুঠ 999 জন খেলুৱৈয়ে পঞ্জীয়ন কৰিছে নাম । ইয়াৰ ভিতৰত বাচনিত উঠিছে ডিব্ৰুগড়ৰ মুখতাৰ হুছেইনৰ নাম । বিজয় হাজাৰে ট্ৰফীত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল মুখতাৰে । ইয়াৰ পাছতেই IPLত নাম পঞ্জীয়ন হৈছে মুখতাৰ হুছেইনৰ । অসমৰ মুখতাৰ এগৰাকী সুদক্ষ বলাৰ তথা অলৰাউণ্ডাৰ । এতিয়া আইপিএৰ আগন্তুক ছিজনত মুখতাৰক কোন দলে ক্ৰয় কৰে তাক লৈ চলিছে জল্পনা–কল্পনা।

লগতে পঢ়ক: Thief arrested in Guwahati: চুৰি অলংকাৰসহ জালত পৰিল ৰাহুল চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.