ETV Bharat / state

Fraud arrested in Barpeta: বৰপেটাত ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা তিনি যুৱকক গ্ৰেপ্তাৰ

author img

By

Published : Nov 14, 2022, 10:34 PM IST

Fake Ayushman Card business in Barpeta
বৰপেটাত ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা তিনি যুৱকক গ্ৰেপ্তাৰ

বৰপেটাত ভুৱা আয়ুষ্মান কাৰ্ডৰ ৰমৰমীয়া ব্যৱসায় (Fake Ayushman Card business in Barpeta)। ধনৰ বিনিময়ত যোগান ধৰে ভুৱা আয়ুষ্মান কাৰ্ড । বৰপেটা আৰক্ষীৰ অভিযানত উৎখাত ভুৱা আয়ুষ্মান কাৰ্ড যোগান ধৰা চক্ৰ । আৰক্ষীৰ জালত তিনি অভিযুক্ত ।

বৰপেটা, 14 নৱেম্বৰ : ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰিল বৰপেটাৰ তিনি যুৱক (Fake Ayushman card prepared at Barpeta) ৷ ইতিমধ্য়ে বৰপেটা আৰক্ষীয়ে যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ জালত পৰা যুৱককেইজন হৈছে ক্ৰমে চেঙাৰ ধনজিৎ বৈশ্য, শুক মানাহৰ ৰেজাউল হক আৰু বৰপেটা চহৰৰ শান্তি নগৰৰ ধ্ৰুৱজ্যোতি তালুকদাৰ (Three youths arrested in Barpeta) ৷

ধৃত যুৱককেইজন আয়ুষ্মান কাৰ্ড প্ৰস্তুতৰ লগত জড়িত এটা ঠিকাদাৰী প্ৰতিষ্ঠান অধীনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ জিলা স্বাস্থ্য বিষয়া দেৱাশ্ৰী বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত কৰ্মচাৰী তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

বৰপেটাত ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা তিনি যুৱকক গ্ৰেপ্তাৰ

উল্লেখ্য যে, নিয়ম অনুসৰি ২০১১ চনৰ লোকপিয়লত নাম সন্নিবিষ্ট থকা লোককহে আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় ৷ কিন্তু ২০১১ চনৰ লোকপিয়লত নাম সন্নিবিষ্ট নথকা কেইবাজনো লোকক ধৃত যুৱককেইজনে জালিয়াতিৰে আয়ুষ্মান কাৰ্ড যোগান ধৰিছিল ৷ ইয়াৰে ৰেজাউল হক নামৰ যুৱকজনে পত্নীৰ নামতো এখন আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰিছিল ৷

এই তিনিজন যুৱকৰ পৰা ইতিমধ্যে এনেধৰণৰ ৭ খন ভুৱা আয়ুষ্মান কাৰ্ড আৰক্ষীয়ে জব্দ কৰিছে ৷ উক্ত চক্ৰটোৱে বৰপেটা জিলাৰ আন একাংশ লোককো ভুৱা আয়ুষ্মান কাৰ্ড যোগান ধৰিছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷ ইতিমধ্য যুৱককেইজনক বৰপেটা আৰক্ষীয়ে ৫ দিনৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময় এই চক্ৰৰ সৈতে জড়িত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা আছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

লগতে পঢ়ক:Tense situation in Pengeri: পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.