ETV Bharat / state

Pds Rice Seized in Barpeta: কলগাছিয়াত জব্দ বৃহৎ পৰিমাণৰ চাউল

author img

By

Published : Mar 31, 2023, 8:36 AM IST

Illegal Rice Seized
৬০ বস্তা চাউল জব্দ

কলগাছিয়াৰ ৰছুলপুৰত ৬০ বস্তা চাউল জব্দ । নিশাৰ ভাগত ডিলাৰৰ পৰা চুৰি কৰি লৈ যোৱা অৱস্থাত ৰাইজে জব্দ কৰে চাউলখিনি (Rice seized while being stolen)। সমবায়ৰ পৰা হৰলুকি কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ । ৰাইজে চাউলখিনি চমজাই দিয়ে আৰক্ষীক (Pds Rice Seized at Kalgachia) ।

৬০ বস্তা চাউল জব্দ

বৰপেটা, 31 মাৰ্চ : ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিৰ ৰছুলপুৰত বৃহস্পতিবাৰে নিশাৰ ভাগত হৰলুকী কৰি থকাৰ সময়তে স্থানীয় ৰাইজে ৬০ বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ ভাগত বৰপেটা জিলাৰ যোগান বিষয়া আৰু পশ্চিম জনীয়া সমবায় সমিতিৰ সম্পাদক জাকিৰ হুছেইনে ৰছুলপুৰস্থিত আব্দুল ৰছিদৰ সুলভ মূল্যৰ দোকানৰ তলা মাৰি যোৱাৰ পাছতে অতি লক্ষণীয়ভাৱে কোনো নথকা তথা নিশাৰ এন্ধাৰৰ সুযোগ লৈ ১০-১৫ জনীয়া এটি দলে চাউলৰ বস্তা চুৰি কৰি লৈ যোৱাৰ চেষ্টা কৰে (PDS rice smuggling in Barpeta) ৷

উক্ত সময়তে একাংশ সচেতন ৰাইজ ঘটনাস্থলীত উপস্থিত হোৱাত চাউল সহ পলাই সাৰিবলৈ সক্ষম হয় চাউল চোৰৰ দলটো ৷ ইতিমধ্যে প্ৰায় ৫-৬ কুইন্টল চাউল চুৰি কৰি লৈ যায় যদিও দুই বস্তা চাউল সহ এটা এণ্ড্ৰ’ইড মোবাইল আদবাটতে পেলায় থৈ যায় । ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ ম’বাইলৰ লগতে পথাৰত পেলাই থোৱা দুই বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয় (Pds rice smuggling in Assam) ৷

উল্লেখ কৰা প্ৰয়োজন যে, দীৰ্ঘদিন ধৰি কলগাছিয়া আৰক্ষীৰ নাকৰ তলেদি বগা চাউলৰ বিভিন্ন ধৰণৰ অবৈধ বেহা চলাই আহিছে যদিও আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই । কিন্তু বৃহস্পতিবাৰৰ নিশা একাংশ সচেতন লোকৰ তৎপৰতাত ৬০ বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে, কলগাছিয়া আৰক্ষী থানাৰ ভিতৰুৱা অঞ্চলত কেৱল চাউলেই নহয় অবৈধ কাঠ, কেৰাচিন তেলৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছে যদিও নিমাত আৰক্ষী কিম্বা জিলা প্ৰশাসন (60 sacks of rice seized in Barpeta) ।

চাউলখিনি পশ্চিম জনীয়া সমবায় সমিতিৰ সম্পাদক আৰু সুলভ মূল্যৰ ব্যৱসায়ীসকলে দুখীয়া দৰিদ্ৰৰ বিনামূলীয়া চাউল আত্মসাৎ কৰি মুনাফাৰ স্বাৰ্থত ক’লা বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যৰে মজুত কৰা হৈছিল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে স্থানীয় ৰাইজে । পশ্চিম জনীয়া সমবায় সমিতিৰ সম্পাদক জাকিৰ হুছেইন ঘটনাস্থলীত উপস্থিত হয় যদিও ৰহস্যজনকভাৱে পশ্চিম জনীয়া সমবায় সমিতিৰ সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদানৰ পৰা বিৰত থাকে (Kalgachia Police Station) ।

লগতে পঢ়ক : Illegal Arunachali liquor seized: বোকাজানত ১৭ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.