ETV Bharat / state

Illegal Arunachali liquor seized: বোকাজানত ১৭ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ

author img

By

Published : Mar 30, 2023, 9:57 PM IST

Updated : Mar 30, 2023, 10:55 PM IST

Illegal Arunachali liquor seized
বোকাজানত ১৭ লাখ টকাৰ অবৈধভাৱে সৰবৰাহ কৰা অৰুণাচলী সুৰা জব্দ

কাৰ্বি আংলং জিলাৰ বোকাজানত অব্যাহত আছে অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান ৷ বৰপথাৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা আলু-পিঁয়াজ কঢ়িয়াই অনা এন এল ০১ এচি ৪৬৬৫ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই বস্তাৰে ঢাকি অনা অৱস্থাত ৭৬১ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰে (Illegal Arunachali liquor seized) ৷

বোকাজানত ১৭ লাখ টকাৰ অৰুণাচলী সুৰা জব্দ

ডিফু, ৩০ মাৰ্চ: ৰাজ্যজুৰি আৰক্ষীয়ে চোৰাং সৰবৰাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই থকাৰ পিচতো গা লৰা নাই একাংশ চোৰাং ব্যৱসায়ীৰ ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ কুখ্যাত সুৰা মাফিয়া অজয় ৰঞ্জন মহাৰাজক কাৰ্বি আংলং জিলা আৰক্ষীয়ে আটক কৰিছিল ৷ তাৰ পাচতেই অৰুণাচল প্ৰদেশৰ পৰা অসমৰ মাজেৰে অবৈধভাৱে সুৰাৰ সৰবৰাহ কিছু পৰিমাণে হ’লেও স্তিমিত হ’ব বুলি আশা প্ৰকাশ কৰিছিল আৰক্ষীয়ে (Illegal Arunachali liquor seized at Bokajan)৷ কিন্তু দিন বাগৰাৰ লগে লগে চোৰাং সুৰা সৰবৰাহ চক্ৰ অধিক শক্তিশালীহে হৈ উঠিছে ৷

মণিপুৰ আৰু নাগালেণ্ডত সুৰা নিষিদ্ধ কৰাৰ পিচতেই দুয়োখন ৰাজ্যত অবৈধভাৱে সুৰাৰ ৰমৰমীয়া বজাৰ গঢ় লৈ উঠিছে ৷ বজাৰত সুৰাৰ দৰ অত্যাধিক হোৱাৰ বাবেই অসাধু সুৰা ব্যৱসায়ীয়ে অসমতকৈ কম মূল্যত অৰুণাচলী সুৰা অসমৰ মাজেৰে মণিপুৰ-নাগালেণ্ডলৈ সৰবৰাহ কৰি ব্যাপক মুনাফা আদায় কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

যোৱা ২৬ মাৰ্চ তাৰিখে বোকাজান মহকুমাৰ শান্তিপুৰ-বৰপথাৰ আৰক্ষীয়ে এখন চিমেণ্ট ভৰ্তি ট্ৰাকত অৰুণাচলী সুৰা ভৰাই অনা অৱস্থাত ট্ৰাকখন জব্দ কৰিছিল ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰ অৰ্থাৎ 30 মাৰ্চত বৰপথাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে পুৱাই এক গোপন খবৰৰ ভিত্তিত খাকৰাজানত এক নিয়মীয়া নাকা তালাচী বহুৱায় ৷ আৰক্ষীৰ এই নাকা তালাচীত আৰক্ষীৰ দলটোৱে প্ৰতিখন বাহনতেই তালাচী চলায় ৷

তেনে সময়তে গুৱাহাটীৰ পৰা আলু-পিঁয়াজ কঢ়িয়াই অনা এন এল ০১ এচি ৪৬৬৫ নম্বৰৰ ট্ৰাকখনত তালাচী চলাই আৰক্ষীৰ দলটোৱে আলু-পিঁয়াজৰ বস্তাৰে ঢাকি অনা অৱস্থাত ৭৬১ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰে (Illegal Arunachali liquor seized) ৷ সৰবৰাহকাৰীকেইটাই সুৰাৰ কাৰ্টনৰ ওপৰত ১০৪ বস্তা আলু আৰু ৫২ বেগ পিঁয়াজৰ বস্তা জাপি আনিছিল ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে সুৰাৰ কাৰ্টনকেইটা সৰবৰাহকাৰীয়ে ইম্ফললৈ সৰবৰাহৰ বাবে লৈ আহিছিল ৷ ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালক শুৱালকুছিৰ আশ্ৰফী ৰায়ক আটক কৰিছে (Truck driver detained)৷ তাৎপৰ্যপূৰ্ণ কথা যে, পূৰ্বতে অবৈধ সুৰা সৰবৰাহকাৰীয়ে অৰুণাচলৰ নাহৰলগুন, বান্দৰদোৱাৰ পৰা মণিপুৰ-নাগালেণ্ডলৈ অৰুণাচলী সুৰা সৰবৰাহ কৰিছিল ৷ কিন্তু এইবাৰ এই অৰুণাচলী সুৰা সৰবৰাহ কৰা হৈছে গুৱাহাটীৰ পৰা ৷

ট্ৰাক চালকজনে ভাষ্য অনুসৰি গুৱাহাটীৰ লখৰাৰ এটা পাৰ্কিঙত সুৰাসমূহ ট্ৰাকখনত উঠোৱা হৈছিল ৷ কোনো এক গোপন স্থানৰ পৰা এখন ৪০৭ বাহনত দুবাৰকৈ অনা হৈছিল সুৰাৰ কাৰ্টনসমূহ ৷ জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১৭ লাখ টকা হ’ব বুলি বৰপথাৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Ganja Seized at Lahorijan: বুজন পৰিমাণৰ গাঞ্জাসহ তিনিটা সৰবৰাহকাৰী আটক

Last Updated :Mar 30, 2023, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.