ETV Bharat / state

খহনীয়াই কালৰূপ ধাৰণ কৰিছে জনীয়াৰ শওপুৰত

author img

By

Published : Jul 5, 2022, 10:24 AM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ(Erosion in Assam) । অন্যান্য প্ৰান্তৰ লগতে জনীয়াতো বেকী নৈয়ে লৈছে কালৰূপ(Terrible erosion in Jania) । খহাই নিছে এফালৰ পৰা ভূমি । বেকীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ।

terrible erosion of beki river in jania
খহনীয়াই কালৰূপ ধাৰণ কৰিছে জনীয়াৰ শওপুৰত: বেকীৰ বুকুত জাহ যোৱাৰ পথত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

জনীয়া,৫ জুলাই: বানৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত খহনীয়াৰ কালৰূপ(Erosion in Assam) । অন্যান্য প্ৰান্তৰ লগতে জনীয়াতো দেখিবলৈ পোৱা গৈছে খহনীয়াৰ ভয়ংকৰ ৰূপ (Terrible erosion in Jania) । চপৰা চপৰে খহিছে নৈখনৰ গৰা । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়াৰ শওপুৰ গাঁৱত বেকী নদীৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰাত নিদ্ৰা হৰিছে নৈপৰীয়া ৰাইজৰ ।

খহনীয়াই কালৰূপ ধাৰণ কৰিছে জনীয়াৰ শওপুৰত: বেকীৰ বুকুত জাহ যোৱাৰ পথত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ

প্ৰবল গৰাখহনীয়াৰ ফলত গৃহহীন হৈ পৰিছে কেইবাটাও পৰিয়াল । খহনীয়াত কৃষিভূমি হেৰুওৱাৰ পাছত চৰকাৰী আৱাসগৃহটোও হেৰুৱাৰ উপক্ৰম হৈছে এটা পৰিয়ালে । বাদশা মিয়া নামৰ লোকজনৰ চৰকাৰী আৱাসগৃহ এতিয়া বেকীৰ বুকুত জাহ যাও যাও অৱস্থা । এনে পৰিস্থিতিত চৰম অনিশ্চয়তাত ভুগিছে এতিয়া পৰিয়ালটোৱে ।

উল্লেখ্যযোগ্য় যে, বিগত বৰ্ষতো কাউৰজাহিৰ পৰা বেকী নদীয়ে গতি পথ সলনি কৰি খাৰবাল্লী হৈ শওপুৰত নতুন সুঁতি উলিয়াই মূল সুঁতিৰ সৃষ্টি কৰিছিল । বৰ্তমান সেই সুঁতিটোৰ ফলতেই খহনীয়া সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে । ইফালে জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম, বৰপেটাৰ সাংসদ আব্দুল খালেকে বৰ্তমানো খহনীয়াগ্ৰস্ত ৰাইজৰ কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । যদি গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নদীত আত্মজাহ দিয়াৰ ভাবুকি প্ৰদান কৰে খহনীয়াগ্ৰস্ত ৰাইজে ।

লগতে পঢ়ক: জঘন্য ! পিতৃৰ কামনাৰ বলি হ'ল কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.