ETV Bharat / state

Illegal Parghat at Kalgachia : পাৰঘাটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jul 3, 2023, 11:58 AM IST

Balikuri parghat at Kalgachia
পাৰঘাটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

কলগাছিয়াৰ বালিকুৰি নন কে গাঁৱত এটা পাৰঘাটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । চৰকাৰী অনুমোদন নোলোৱাকৈ পঞ্চায়ত সভাপতিয়ে টকাৰ বিনিময়ত পাৰঘাটটোৰ অনুমতি দিয়াৰ অভিযোগ । শিক্ষাৰ্থীৰ পৰা পাৰঘাটৰ মাচুল আদায় কৰা ঘটনাক তীব্র গৰিহণা আম আদমী পাৰ্টীৰ ।

পাৰঘাটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

বৰপেটা, 3 জুলাই : বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিকুৰি নন কে গাঁৱৰ 82 নং জনতা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালিকুৰি ক’লনীত এটা পাৰঘাটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । জানিব পৰা মতে জনতা পঞ্চায়তৰ চৰাঞ্চলত প্ৰায় 200 টা পৰিয়াল বসবাস কৰে আৰু চৰকাৰে ৰাস্তাৰ বাবদ 58 লাখ টকা আৱণ্টন দিছিল ৷ অৱশ্যে পঞ্চায়ত প্ৰতিনিধিসকলে ভালদৰে কাম নকৰাৰ অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টীৰ ৰাজ্যিক কমিটিৰ যুটীয়া সমন্বয়ক শফি কামালে ।

লগতে বানপানীৰ সময়ত চৰ অঞ্চলত বসবাস কৰা ৰাইজে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিছে বুলি জানিবলৈ পৰা গৈছে ৷ আনকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলেও প্ৰতিদিনে অহা-যোৱাৰ বাবদ পাৰঘাটটোত 10 টকাকৈ আদায় দিবলগীয়া হৈছে । স্থানীয় ৰাইজ আৰু দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষই বিষয়টোত প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰি তদন্তৰ দাবী জনায় ৷ ইয়াৰোপৰি, অঞ্চলবাসী ৰাইজৰ চলাচলৰ বাবে সুচল যাতায়ত ব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনায় স্থানীয় ৰাইজে ।

উল্লেখ্য যে, উক্ত পাৰঘাটটোৰ বাবে চৰকাৰী অনুমোদন নোলোৱাকৈ জনতা গাঁও পঞ্চায়তৰ সভাপতি হাবিল খানে পাৰঘাটৰ গৰাকীৰ পৰা অবৈধভাৱে 20 হাজাৰ টকাৰ বিনিময়ত পাৰঘাটটোৰ অনুমতি দিয়ে বুলিও অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত প্ৰতিনিধি এজনে চৰকাৰী অনুমোদন নোলোৱাকৈ গোপনভাৱে টকাৰ বিনিময়ত কেনেকৈ এখন পাৰঘাটৰ অনুমতি দিবলৈ পাৰে বুলিও স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে ।

পঞ্চায়ত প্ৰতিনিধিৰ এনে কাৰ্যক স্থানীয় ৰাইজৰ লগতে আম আদমী পাৰ্টিয়ে ধিক্কাৰ জনায় । লগতে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ পাৰঘাটটো পাৰ কৰাৰ দাবী জনায় ৷ ইয়াৰ লগতে পঞ্চায়ত প্ৰতিনিধিগৰাকীক এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি দিবৰ বাবে দাবী জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : constituency delimitation : লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.