ETV Bharat / state

Tense situation in Kayakuchi College: প্ৰতিবাদৰ মাজতে অসুস্থ কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

author img

By

Published : Nov 3, 2022, 4:34 PM IST

কয়াকুছি মহাবিদ্যালয়ত উত্তেজনা অব্যাহত আছে (Protest in Kayakuchi College)। তীব্ৰ প্ৰতিবাদৰ মাজত কেইবাগৰাকী শিক্ষাৰ্থী অসুস্থ । ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলৰ সিদ্ধান্তক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকলে ।

Kayakuchi College
প্ৰতিবাদৰ মাজতে অসুস্থ কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

বৰপেটা,৩ নৱেম্বৰ : বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি মহাবিদ্যালয়ত উত্তেজনা অব্যাহত আছে (Tense situation in Kayakuchi College)। ছাত্ৰ একতা সভাৰ নিৰ্বাচন বাতিলক লৈ তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে মহাবিদ্যালয়খনত । নিৰ্বাচন বাতিলক লৈ অসন্তুষ্ট মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী (Students unhappy over cancellation of college elections)। মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে শিক্ষাৰ্থীসকলে । প্ৰতিবাদৰ মাজতে অসুস্থ হ'ল মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী ।

উল্লেখ্য যে অহা ৫ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Kayakuchi College students body election)। বুধবাৰে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল ৷ কিন্তু মনোনয়ন দাখিলৰ সময় উকলি যোৱাৰ পাছতে মহাবিদ্যালয় কৰ্তৃপক্ষই আকস্মিকভাৱে নিৰ্বাচন বাতিলৰ জাননী জাৰি কৰে । যাক লৈ শিক্ষাৰ্থীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

বুধবাৰে নিশাৰে পৰা মহাবিদ্যালয়খনত প্ৰতিবাদ অব্যাহত ৰাখিছে শিক্ষাৰ্থীসকলে (Students protest in Kayakuchi College)। পূৰ্বে ঘোষণা কৰা তাৰিখতে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰে শিক্ষাৰ্থীসকলে । ইফালে বৃহস্পতিবাৰেও পুৱাৰে পৰা মহাবিদ্যালয়খনত শিক্ষাৰ্থীসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । এই প্ৰতিবাদৰ মাজতে হঠাৎ অসুস্থ হৈ পৰে কেইবাগৰাকী শিক্ষাৰ্থী ।

প্ৰতিবাদৰ মাজতে অসুস্থ কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

আন শিক্ষাৰ্থীৰ লগতে মহাবিদ্যালয়খনৰ স্নাতকৰ ছাত্ৰ ইলিয়াছ দেৱানো গুৰুতৰভাৱে অসুস্থ হৈ পৰে (Students sick amid protests in Kayakuchi college)। অসুস্থ দেৱানক বৰপেটা মেডিকেল কলেজ হাস্পতালত ততালিকে ভৰ্তি কৰায় শিক্ষাৰ্থীসকলে । ইফালে শিক্ষাৰ্থীসকল অসুস্থ পৰাত সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

একাংশ শিক্ষাৰ্থীয়ে অভিযোগ কৰা মতে নিশা বহু দেৰিলৈ শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো তেওঁলোকক মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো সঁহাৰি দিয়া নাছিল । অসুস্থ শিক্ষাৰ্থীৰ পৰিয়ালৰ সদস্যসকলেও মহাবিদ্যালয় কৰ্তৃপক্ষক তীব্ৰ সমালোচনা কৰিছে ।

লগতে পঢ়ক :Student injured by teacher beating: কণমানি ছাত্ৰক প্ৰহাৰ কৰাক লৈ শিক্ষয়িত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.