ETV Bharat / state

Crime in Barpeta:কলগাছিয়াৰ দিগজানি গাঁৱত ডকাইতি কাণ্ড

author img

By

Published : Aug 4, 2023, 7:52 PM IST

Crime in Barpeta
দিগজানি গাঁৱত ডকাইতি

কলগাছিয়াৰ দিগজানি গাঁৱত ডকাইতি কাণ্ড । ঘৰৰ তলা ভাঙি ডকাইতৰ দলে লুটি নিলে নগদ ধনসহ দুই লক্ষাধিক টকাৰ সামগ্ৰী । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য ।

দিগজানি গাঁৱত ডকাইতি

জনিয়া,৪ আগষ্ট: ৰাজ্যৰ আৰক্ষী প্ৰশাসনে যিমানেই আইন শৃংখলা পৰিস্থিতিৰ উন্নতি হোৱাৰ দাবী নকৰক, সঘনাই বাস্তৱত ঠিক তাৰ ওলোটা ছবিটো হে দেখিবলৈ পোৱা যায় ৷ আৰক্ষীক যেন এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই একাংশ অপৰাধীয়ে নিৰ্বিঘ্নে চলাইছে অপৰাধৰ সামাজ্ৰ্য৷

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দিগজানি গাঁৱত সংঘটিত হৈছে এক ডকাইতি কাণ্ড । জানিব পৰা মতে, দিগজানি গাঁৱৰ জাকিৰ হুছেইনে সপৰিয়ালে বৃহস্পতিবাৰে সন্ধিয়া ভাগত ঘৰত তলা লগাই শহুৰেকৰ ঘৰলৈ গৈছিল । কিন্তু আজি সন্ধিয়া ঘৰত উপস্থিত হৈ ঘৰৰ মূল দুৱাৰৰ তলা ভঙা প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে । ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চুটকেছৰ তলা ভাঙি নগদ ধন ৫০ হাজাৰ, সোণৰ অলংকাৰ আৰু দোকানৰ সামগ্ৰী ডকাইতৰ দলটোৱে লৈ যায় বুলি ভুক্তভোগী জাকিৰ হুছেইনে কয় ।

লগতে পঢ়ক:Manipur Violence: মণিপুৰত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত 7 টা বাংকাৰ ধ্বংস; সহস্ৰাধিক লোকক আটক

ইফালে, জাকিৰ হুছেইনে নিজৰ পিতৃৰ সম্পত্তিত ঘৰ বনোৱাৰ পিছৰে পৰা বাকাত আলী, তাইজুদ্দিন, আব্দুল কালাম আৰু ছালামে পাঁচ লাখ টকাৰ গুণ্ডা কৰ খুজি থাকে বুলিও অভিযোগ উত্থাপন কৰে । লগতে কৰ নিদিলে প্রাণেমাৰাৰ ভাবুকি প্ৰদান কৰে উক্ত দলটোৱে ।

লগতে পঢ়ক:Justice Rohit B Deo Resign : আত্মসন্মানৰ বাবে পদত্যাগ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত বি দেওৰ

ইয়াৰ পূৰ্বেও জাকিৰ হুছেইনৰ ঘৰত অগ্নিসংযোগ কৰাৰো তেওঁ অভিযোগ উত্থাপন কৰিছে । সেয়ে ডকাইতি কাণ্ডটো উক্ত দলটোৱে কৰা বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে। ইফালে, বাকাত আলী নামৰ লোকজনে জাকিৰ হুছেইনৰ ভাতৃ আমজাদ আলীক মাটি বাৰীৰ সীমা বিবাদক লৈ ভাবুকিও প্ৰদান কৰে বুলি আমজাদ আলীয়ে কয়। ইতিমধ্যে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত থানাত এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক:Meenakshi Lekhi ED warning controversy : সদনত বিৰোধীক ইডিৰ অভিযানৰ ভাবুকি কেন্দ্ৰীয় মন্ত্ৰী মিনাক্ষী লেখীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.