ETV Bharat / state

Manipur Violence: মণিপুৰত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযানত 7 টা বাংকাৰ ধ্বংস; সহস্ৰাধিক লোকক আটক

author img

By

Published : Aug 4, 2023, 4:27 PM IST

বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষীৰ তিনি শতাধিক অস্ত্ৰ কাঢ়ি নিয়াৰ পাচতে আৰক্ষী আৰু সেনাই আৰম্ভ কৰিছে ব্য়াপক অভিযান ৷ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে আটক কৰিছে মুঠ 1047 জন লোকক ৷ আনহাতে স্নাইপাৰৰ গুলীত নিহত হয় এগৰাকী আৰক্ষী বিষয়া ৷

Manipur Violence
Manipur Violence

মণিপুৰত সুৰক্ষা বাহিনীৰ যুটীয়া অভিযান

তেজপুৰ, ৪ আগষ্ট: মণিপুৰত বিষ্ণুপুৰ জিলাৰ কংভাই অঞ্চলত সেনা আৰু আৰ এ এফৰ গুলীচালনাৰ পিচতে শতাধিক লোকে ২য় এম আৰ আৰু ৭ম এম আৰ বেটেলিয়নত 300 তকৈ অধিক অস্ত্ৰ কাঢ়ি নিয়ে ৷ ইয়াৰ পিচতে শুকুৰবাৰে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰে । আনহাতে এই পৰিস্থিতিত পশ্চিম ইম্ফল জিলাৰ চেঞ্জাম চিৰাং (Senjam Chirang ) নামৰ আৰক্ষীৰ জনৰ মৃত্যু হয় ।

মণিপুৰ আৰক্ষীয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে যে কৌট্ৰুক (koutruk) পাহাৰীয়া অঞ্চলত সেনা বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানৰ সময়ত 7 টাকৈ অবৈধভাৱে নিৰ্মাণ কৰা বাংকাৰ ধ্বংস কৰে । এই বাংকাৰসমূহত স্থানীয় অস্ত্ৰধাৰী লোকসকলে নিৰ্বিঘ্নে গুলীচালনা কৰি আহিছিল ৷ স্নাইপাৰৰ গুলীত এগৰাকী আৰক্ষী বিষয়া নিহত হোৱাৰ পিচত এই অভিযান আৰম্ভ কৰে ।

আৰক্ষীয়ে নিশাৰ ভিতৰতে ১২৯ টা তালাচী স্থানৰ পৰা মুঠ ১০৪৭ জন লোকক সমগ্ৰ ৰাজ্যখনৰ পৰা আটক কৰিছে । ইতিমধ্যে সুৰক্ষা বাহিনীয়ে ড্ৰোণৰ জৰিয়তে পৰ্যালোচনা চলাই আছে । বৃস্পতিবাৰে উত্তেজনা বৃদ্ধিৰ ফলত বিভিন্ন দিশৰ পৰা অহা লোকে বিশেষকৈ উত্তৰ এ অ' চিৰ ২য় বেটেলিয়ন আৰু ৭ম বেটেলিয়নৰ পশ্চিম ইম্ফল আৰু পূব ইম্ফল জিলাৰ পৰা অস্ত্ৰ আৰু গোলাবাৰুদ কাঢ়ি লৈ যায় ৷ কাঢ়ি নিয়া অস্ত্ৰসমূহৰ ভিতৰত আছে AK-47, LMG ইত্যাদি ৷

ইফালে বৃহস্পতিবাৰৰ উত্তেজনাৰ পাচতে জিলা প্ৰশাসনে কাৰ্ফিউ জাৰি কৰে । সেনা আৰু ৰেপিডি এক্সন বাহিনীৰ লগত বিষ্ণুপুৰ অঞ্চলৰ পৰা হাজাৰ হাজাৰ লোক চুৰাচান্দপুৰৰ সামূহিক সমাধিস্থললৈ যোৱাত বাধা দিয়াৰ বাবে এই সংঘৰ্ষ হয় । চৰকাৰী সূত্ৰত প্ৰকাশ যে এই ঘটনাত সেনা আৰু ৰেপিডি এক্সন বাহিনীয়ে কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনাৰ ফলত প্ৰায় ২০ জন লোক আহত হয় ।

ইয়াৰ পিচত ইষ্ট ইম্ফল আৰু ৱেষ্ট ইম্ফল জিলাত প্ৰশাসনে পূৰ্বৰ সান্ধ্য আইন শিথিল উঠাই দিয়ে আৰু নতুনকৈ সান্ধ্য আইন জাৰি কৰে । ফলস্বৰূপে মণিপুৰৰ গোষ্ঠীগত হিংসাত নিহত কুকি-জোমি লোকৰ পৰিকল্পিত গণ সমাধিস্থল স্থবিৰ হৈ পৰে ।

উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে পুৱা চুৰাচান্দপুৰ জিলাৰ প্ৰস্তাৱিত সমাধিস্থলীত যথাৰ্থ অৱস্থা বজাই ৰখাৰ নিৰ্দেশ দিয়াৰ পিচত বিষ্ণুপুৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাৰ হাওলাই খোপী গাঁৱৰ সেই স্থানত ৩৫ জন লোকৰ সমাধি পিছুৱাই দিয়া হয় ।

শুকুৰবাৰে ৱেষ্ট ইম্ফল জিলাত পুৱা 5 বজাৰ পৰা দুপৰীয়া 12 বজালৈ সান্ধ্যআইন শিথিল কৰে জিলা প্ৰশাসনে । বৰ্তমানেও মণিপুৰৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ আছে ।

লগতে পঢ়ক: Manipur violence: মণিপুৰত পুনৰ উত্তেজনা, দুৰ্বৃত্তই কাঢ়ি নিলে নিৰাপত্তা বাহিনীৰ তিনিশতাধিক অস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.