ETV Bharat / bharat

Justice Rohit B Deo Resign : আত্মসন্মানৰ বাবে পদত্যাগ বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত বি দেওৰ

author img

By

Published : Aug 4, 2023, 1:56 PM IST

Updated : Aug 4, 2023, 5:02 PM IST

বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰোহিত বি দেওৰ পদত্যাগ । বোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশগৰাকীয়ে মুকলি আদালতত আত্মসন্মানৰ বাবে পদত্যাগ ঘোষণা কৰে ।

Justice Rohit B Deo Resign
Justice Rohit B Deo Resign

নিউজ ডেস্ক, ৪ আগষ্ট : বোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ ৰোহিত বি দেওৰ আকস্মিক পদত্যাগ । নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ ৰোহিত দেওৱে শুকুৰবাৰে আদালতৰ কাম চলি থকাৰ সময়তে তেওঁৰ আকস্মিক পদত্যাগৰ কথা ঘোষণা কৰে । যাৰ ফলত আদালতত উপস্থিত থকা সকলো লোক হতবাক হৈ পৰে ।

পদত্যাগৰ কথা ঘোষণা কৰি তেওঁ কয়, "আজি এই আদালতত উপস্থিত সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ । মই কাকো আঘাত কৰিব নিবিচাৰোঁ । কিয়নো আপোনালোক সকলো মোৰ বাবে পৰিয়ালৰ দৰে । মই মোৰ পদত্যাগ-পত্ৰ দাখিল কৰা বুলি ঘোষণা কৰি মই অত্যন্ত দুঃখিত ।"

ন্যায়াধীশ ৰোহিত দেওৱে লগতে কয়, "মই মোৰ আত্মসন্মানৰ বিৰুদ্ধে কাম কৰিব নোৱাৰোঁ ।"

আনহাতে, ন্যায়াধীশ দেওৱে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰাৰ লগতে দিনটোৰ বাবে তালিকাভুক্ত বিষয়ৰ বাবে গঠিত বোৰ্ডখনকো অব্যাহতি দিয়ে ।

আদালতত উপস্থিত থকা অধিবক্তাসকলৰ মতে, ন্যায়াধীশ দেওৱে মুকলি আদালতত ক্ষমা বিচাৰি কয় যে কাৰো বিৰুদ্ধে তেওঁৰ কোনো ক্ষোভ নাই । লগতে যদি তেওঁ কাৰোবাৰ অনুভূতিক আঘাত কৰিছিল তেন্তে তাৰ বাবে দুঃখিত বুলিও উল্লেখ কৰে । তেওঁ অধিবক্তাসকলক উদ্দেশ্যি এইটোও কয় যে তেওঁলোকে যেন কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখে । আনহাতে, কিছুমান সময়ত তেওঁলোকৰ সৈতে কঠোৰ হোৱাৰ বাবে ক্ষমাও বিচাৰে ।

"আদালতত উপস্থিত থকা আপোনালোক প্ৰত্যেকৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ । মই আপোনালোকৰ কামৰ উন্নতিৰ বাবে হয়তো গালি পাৰিছিলোঁ । কিন্তু মই আপোনালোক কাকো আঘাত কৰিব বিচাৰো নাছিলোঁ । কাৰণ আপোনালোক সকলোৱে মোৰ বাবে এটা পৰিয়ালৰ দৰে আৰু মই অতি দুখেৰে কওঁ যে মই মোৰ পদত্যাগ-পত্ৰ দাখিল কৰিছোঁ । মই মোৰ আত্মসন্মানৰ বিৰুদ্ধে কাম কৰিব নোৱাৰোঁ । আপোনালোকে (অধিবক্তাসকলে) কঠোৰ পৰিশ্ৰম কৰে ।" ন্যায়াধীশ দেওৱে আদালতত উপস্থিত অধিবক্তাসকলক কয় ।

উল্লেখ্য যে ন্যায়াধীশ দেওক ২০১৭ চনৰ ৫ জুনত বোম্বাই উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছিল আৰু ১২ এপ্ৰিল, ২০১৯-ত স্থায়ী ন্যায়াধীশ কৰা হৈছিল । তেওঁ ২০২৫ চনৰ ৪ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগা আছিল ।

তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা সহকাৰী ছলিচিটৰ জেনেৰেলৰ পদত অধিষ্ঠিত আছিল আৰু মহাৰাষ্ট্ৰৰ এডভোকেট জেনেৰেলো আছিল ।

লগতে পঢ়ক :Sisodia Bail Plea: ছিছোডিয়াৰ বিৰুদ্ধে গোচৰ সন্দৰ্ভত চিবিআইক ধন লেন দেনৰ স্পষ্ট তথ্য দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Last Updated : Aug 4, 2023, 5:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.