ETV Bharat / state

Scam in PDS in Barpeta:সুলভ মূল্যৰ চাউল হৰলুকিক লৈ উত্তাল কলগাছিয়া

author img

By

Published : Jul 18, 2023, 8:14 PM IST

Scam in PDS in Barpeta
বৰভিঠাত সুলভ মূল্যৰ চাউল হৰলুকি

পলাতক অৱস্থাত কলগাছিয়াৰ দক্ষিণ তিতাপানী সমবায় সমিতিৰ সম্পাদক আব্দুছ ছবুৰ আহমেদ । ১৮০০০কুইন্টল সুলভ মূল্যৰ চাউল হৰলুকি কৰি ক’লা বজাৰত বিক্রীৰ অভিযোগৰ পিচতেই ৰাইজৰ প্ৰতিবাদ ।

বৰভিঠাত সুলভ মূল্যৰ চাউল হৰলুকি

জনিয়া, ১৮ জুলাই: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ তিতাপানী সমবায় সমিতি, বৰভিঠাত সুলভ মূল্যৰ চাউল হৰলুকি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । জিলা খাদ্য তথা অসামৰিক যোগান বিভাগে চলোৱা অভিযানত বৃহৎ দুৰ্নীতি তথা অনিয়ম পোহৰলৈ অহাৰ পিচতেই জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ ।

অভিযোগ অনুসৰি যোৱা ২৭ মে'ত সৰভোগ এফ চি আই গুদামৰ পৰা সমবায় সমিতিৰ সম্পাদক আব্দুছ ছবুৰ আহমেদ আৰু অন মেন চেয়াৰমেন অচ্যুৎ ব্ৰহ্মই ১৮০০ কুইন্টল চাউল সংগ্ৰহ কৰি ক'লা বজাৰত বিক্ৰী কৰিছে । এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা জিলা উপায়ুক্তক অৱগত কৰোৱাত ২৭ জুনত তদন্ত সমিতিৰ তদন্তত দক্ষিণ তিতাপানী সমবায় সমিতিৰ গুদামত ১৮০০ কুইন্টল চাউল পোৱাৰ বিপৰীতে আনুমানিক ৭০ বেগ চাউল পোৱা বুলি জানিবলৈ দিয়ে । ফলত তদন্তকাৰী দলে উক্ত সমবায় সমিতিখন ছীল কৰে । পৰৱৰ্তী সময়ত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক আশীষ বৰঠাকুৰে নিজে এজাহাৰকাৰী হৈ সম্পাদক ছবুৰৰ বিৰূদ্ধে এজাহাৰ দাখিল কৰে যদিও আজিকোপতি স্থানীয় আৰক্ষী প্ৰশাসন তথা জিলা প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

ইয়াৰে প্ৰতিবাদত মঙলবাৰে বৰভিটাত বৃহত্তৰ ৰাইজৰ উদ্যোগত দক্ষিণ তিতাপানী সমবায় সমিতিৰ দুখীয়া হিতাধিকাৰীৰ ১৮০০ কুইন্টল চাউল আত্মসাৎ কৰাৰ অভিযোগত সম্পাদক আব্দুছ ছবুৰ আহমেদক গ্ৰেপ্তাৰ আৰু চলিত জুলাই মাহৰ চাউল হিতাধিকাৰীয়ে পোৱাৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ কৰে । ইফালে, কেৱল সম্পাদক ছবুৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কি স্বাৰ্থত চেয়াৰমন অচ্যুত ব্ৰহ্মৰ বিৰুদ্ধে গোচৰ ৰুজু নহ'ল বুলিও প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ।

উল্লেখ্য় যে বিগত 8 বছৰ ধৰি আব্দুছ ছবুৰ আহমেদ সম্পাদক হিচাপে নিযুক্ত হৈ আছে ৷ তদুপৰি, চাউল কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত কেইবাবাৰো আব্দুছ ছবুৰ আহমেদৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হৈছিল যদিও বিভাগীয় কৰ্তৃপক্ষই বিষয়টোৰ প্ৰতি প্ৰয়োজনীয় গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Central Jail guards suspended : কয়দীক ড্ৰাগছ যোগানৰ অপৰাধত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুই প্ৰহৰীক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.