ETV Bharat / state

Protest in Jania: অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত অনিয়ম

author img

By

Published : Oct 25, 2022, 5:34 PM IST

protest in jania demanding anganwadi centre
অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত অনিয়ম

অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ । বৰপেটা জিলাৰ কলগাছিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ২৭৮ নং খাটাৰটাৰী হাজীপাৰা অংগনৱাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে(Corruption in construction of Anganwadi centre) ।

জনীয়া,২৫ অক্টোবৰ: ৰাজ্যজুৰি উন্নত কৰা হৈছে অংগনৱাড়ী কেন্দ্ৰসমূহ । ন-ৰূপেৰে সজাইছে অংগনৱাড়ী কেন্দ্ৰসমূহ । শিশুক উন্নত শিক্ষৰে সু-নাগৰিক হিচাপে গঢ় দিয়াৰ পৰিকল্পনাৰে চৰকাৰে গ্ৰহন কৰা বিভিন্ন আঁচনিৰ ভিতৰত অন্যতম হল অংগনৱাড়ী আঁচনি । কিন্তু অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণতে বিভিন্ন স্থানত সংঘটিত হৈছে ব্যাপক অনিয়ম ।

অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণত অনিয়ম

অংগনৱাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে ব্যাপক অনিয়ম । বৰপেটা জিলাৰ কলগাছিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ২৭৮ নং খাটাৰটাৰী হাজীপাৰা অংগনৱাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে(Corruption in construction of Anganwadi center) । জানিব পৰা মতে ২০১১ চনত খাটাৰটাৰী হাজীপাৰা গাঁৱত স্থাপন হোৱা ২৭৮ নং অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী আৰু পৰিচালনা সমিতিৰ সভাপতিয়ে মিলি স্থানীয় ৰাইজ আৰু পৰিচালনা সমিতিৰ সদস্য সকলক অন্ধকাৰত ৰাখি নিজৰ স্বাৰ্থৰ বাবে স্থানান্তৰ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজ ।

বৰ্তমান উক্ত কেন্দ্ৰৰ নামত বিভাগীয় কৰ্তৃপক্ষই গৃহ নিৰ্মাণৰ ধন মোকলাই দিছে যদিও পৰিচালনা সমিতিৰ সভাপতি জহিৰুল ইছলামে নিজৰ খেয়ালখুচি মতে গৃহ নিৰ্মাণৰ কাম উক্ত স্থানৰ পৰা প্ৰায় ৬০০ মিটাৰ আঁতৰত স্থানান্তৰ কৰিবলৈ লোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পূৰ্বৰে পৰা ৬৫ গৰাকী ছাত্ৰ ছাত্ৰী থকা হাজীপাৰাত অংগনৱাড়ী কেন্দ্ৰটো চলি আছিল ।

কিন্তু নিজৰ স্বাৰ্থৰ বাবে মাত্ৰ ১০/১২ জন ছাত্ৰ-ছাত্ৰী থকা ঠাইত কেন্দ্ৰটো আঁতৰাই নিয়াৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে কন কন ছাত্ৰ ছাত্ৰী । ফলত মঙলবাৰে একাংশ অভিভাৱক ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি কেন্দ্ৰটো পূৰ্বৰ স্থান হাজীপাৰাত স্থাপন কৰিবলৈ দাবী জনায় । দাবী পূৰণ নহলে সমূহ ৰাইজে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

উল্লেখযোগ্য যে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১৪ আগষ্টত সমগ্ৰ ৰাজ্যত এহেজাৰটা অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰা হৈছিল(Azadi ka amrit mahotsav celebration at Assam) । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি এহেজাৰ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি পৰ্যায় ক্ৰমে সকলো অংগনৱাড়ী কেন্দ্ৰক আদৰ্শ কেন্দ্ৰলৈ উন্নীত কৰা হ’ব বুলি উল্লেখ কৰিছিল মন্ত্ৰী-বিধায়কসকলে । কিন্তু এনে লোকৰ বাবে চৰকাৰে আগবঢ়োৱা সা-সুবিধাৰ পৰা বঞ্চিত হৈ ৰ'ব নেকি সাধাৰণ জনতা ।

লগতে পঢ়ক: Road accident at Bogeebil : বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.