ETV Bharat / state

চৰকাৰী চেম্বাৰ এৰি ক’ত যায় বৰপেটা অসামৰিক চিকিৎসালয়ৰ একাংশ চিকিৎসক ?

author img

By

Published : Aug 8, 2021, 7:35 PM IST

kalgachia
বৰপেটা অসামৰিক চিকিৎসালয়ত নাই চিকিৎসক

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসক নথকাৰ বাবে ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি । ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি অৱশেষত ঘৰলৈ উভতি যাবলগা হয় ৰোগীসকল ।

কলগাছিয়া,৮ আগষ্ট : কোন দিশে আগবাঢ়িছে ৰাজ্যৰ স্বাস্থ্য খণ্ড ? ক'ভিড পৰিস্থিতিৰ (Covid situation) মাজতো ৰাজ্যৰ বহু জিলাত স্বাস্থ্যকৰ্মীৰ অভাৱ, ঔষধৰ নাটনি আদি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে । এইবাৰ কালগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত (Barpeta Civil Hospital) চিকিৎসক নথকাৰ অভিযোগ উত্থাপন হৈছে ।

আনকি, চিকিৎসক নথকাৰ বাবে ৰোগীৰ মাজত হাহাকাৰ পৰিৱেশৰো সৃষ্টি হয় হাস্পতালখনত । একাংশ ৰোগীৰ অভিভাৱকৰ মতে চিকিৎসকসকলে হাস্পতালখনত ঠিকমতে কৰ্ম সম্পাদন নকৰে । তাৰ পৰিৱৰ্তে অধিক মুনাফাৰ বাবে ব্যক্তিগত চেম্বাৰত বহে চিকিৎসকসকল । যিসময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে তেনে সময়তে বৰপেটা জিলাৰ কলগাছিয়াত স্বাস্থ্য বিভাগৰ এই ছবিখনে সকলোকে আচৰিত কৰি তুলিছে ।

বৰপেটা অসামৰিক চিকিৎসালয়ত নাই চিকিৎসক,ৰোগীৰ হাহাকাৰ

আনকি চিকিৎসক উপস্থিত নথকাৰ বাবে ঘণ্টাৰ পৰা ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হৈছে ৰোগীয়ে । ইফালে বাতৰি সংগ্ৰহৰ বাবে যোৱা সময়ত সাংবাদিকৰ লগতো বেয়া আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে । চিকিৎসকৰ এনে আচৰণত ক্ষোভিত অঞ্চলটোৰ স্থানীয় ৰাইজ তথা ৰোগীৰ অভিভাৱক ।

যি সময়ত ক'ভিড (Covid) মহামাৰীয়ে ৰাইজক আতংকিত কৰি তুলিছে সেই সময়তে বৰপেটা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অনুপস্থিতিয়ে ৰোগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । যাৰ বাবে চিকিৎসাসেৱাৰ ক্ষেত্ৰত অৱহেলা কৰা চিকিৎসকৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰোগী তথা ৰাইজে । এই দৃশ্য দেখাৰ পাছত বৰ্তমান স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health minister Keshab Mahanta) কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক :চিকিৎসাৰ অভাৱত ক’ভিড ৰোগী মৃত্যু : পিয়াহৰ পানীয়ো নাপাই ক’ভিড ৰোগীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.