ETV Bharat / state

কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত বৰপেটাৰ নিছাদ আলীৰ ব্ৰঞ্জৰ পদক

author img

By

Published : Sep 9, 2022, 6:20 PM IST

Nisad AliNisad Ali got bronze medal in Commonwealth karate
Nisad AliNisad Ali got bronze medal in Commonwealth karate

ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত বৰপেটাৰ নিছাদ আলীৰ ব্ৰঞ্জৰ পদক লাভ (Nisad Ali got bronze medal in Commonwealth karate) ৷ অসমৰ তিনি খেলুৱৈয়ে বাৰ্মিংহামত বুটলিলে পদক ৷

বৰপেটা, ৯ ছেপ্টেম্বৰ : ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত (Commonwealth karate Championship in Birmingham) বৰপেটা চহৰৰ নিছাদ আলীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে (Nisad Ali got bronze medal in Commonwealth karate) ৷

৭ আৰু ৮ ছেপ্টেম্বৰত ইংলেণ্ডৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি নিছাদ আলীয়ে ৭৫ কেজি কুমিটে ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে ৷ একেদৰে কমনৱেলথত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা হেম্ফু বংজাং নামৰ খেলুৱৈগৰাকীয়েও ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত বৰপেটাৰ নিছাদ আলীৰ ব্ৰঞ্জৰ পদক

আনহাতে, ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা অসমৰ আন এগৰাকী খেলুৱৈ সূৰয কোঁৱৰে ৫৭ কেজি কুমিটে শাখাত ৰূপৰ পদক লাভ কৰিছে (Suraj Konwar of Assam got silver medal) ৷ ইপিনে নিছাদ আলীৰ পিতৃ তথা প্ৰশিক্ষক হাছমত আলীয়ে জনোৱা মতে, কমনৱেলথ কাৰাটে ছেম্পিয়নশ্বিপত অসমৰ খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে (Assam performance in Birmingham) ৷

ইংলেণ্ডত অনুষ্ঠিত দশম কমনৱেলথ কাৰাটে ছেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ খেলত অংশ লোৱা অসমৰ তিনিগৰাকী খেলুৱৈয়ে পদক লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ সদৰী কৰে ৷ উল্লেখ্য, বিগত ডাৰবান কমনৱেলথ চেম্পিয়নশ্বিপত (Durban Commonwealth championship) নিছাদ আলীয়ে সোণৰ পদক লাভ কৰিছিল বুলিও তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :ডাইমণ্ড লীগ ট্ৰফী বিজয়ী প্ৰথমজন ভাৰতীয় খেলুৱৈ নীৰজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.