ETV Bharat / state

খিলঞ্জীয়া মুছলমানক শংকিত হ’ব দিয়া নহ’ব : জয়ন্তমল্ল বৰুৱা

author img

By

Published : May 12, 2022, 4:50 PM IST

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাৰ মন্তব্য, অসমৰ খিলঞ্জীয়া হিন্দু অথবা মুছলমান লোকৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ৷ ৰাজ্যৰ বহু ভিজিআৰ পিজিআৰ সন্দেহজনক লোকে বেদখল (Illegal encroachment in Assam) কৰা সন্দৰ্ভতো মন্তব্য জয়ন্তমল্ল বৰুৱাৰ ৷

Mla Jayanta Malla Baruah on threat to ethnic muslim community of Assam
খিলঞ্জীয়া মুছলমানৰ মনত সৃষ্টি হোৱা শংকা মানি লোৱা নহ’ব : জয়ন্তমল্ল বৰুৱা

বৰপেটা, ১২ মে: খিলঞ্জীয়া মুছলমানৰ মনৰ বতৰা ল’বলৈ বৰপেটাৰ মাজদিয়া গাঁৱত উপস্থিত হ’ল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা (Jayanta Malla Baruah in Barpeta) ৷ গৰিয়া মুছলমান প্ৰধান গাঁও মাজদিয়াত উপস্থিত হৈ জয়ন্তমল্ল বৰুৱাই মাজদিয়াৰ গো-ৰিজাৰ্ভ (Majdia cattle reserve) পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰে ৷ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবগৰাকীয়ে ৰাজ্য চৰকাৰৰ স্পষ্ট নীতিৰ কথা দোহাৰি কয়, অসমৰ খিলঞ্জীয়া হিন্দু অথবা মুছলমান লোকৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ৷

এই বুলিও মন্তব্য কৰি তেওঁ কয়, বৰপেটাৰ গো-ৰিজাৰ্ভত নিশাৰ ভিতৰতে এখনৰ পিচত আন এখন গাঁও গঢ় লৈ উঠিছে ৷ প্ৰতিটো দিনতেই খিলঞ্জীয়া লোক আগ্ৰাসনৰ বলি হ’বলগীয়া হৈছে ৷ ইয়াৰ বাবেই সন্দেহজনক বেদখলকাৰীক লৈ খিলঞ্জীয়া লোকসকল শংকাত থাকিবলগীয়া হৈছে বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰে বেদখলকাৰীক কোনোধৰণে প্ৰশ্ৰয় নিদিয়ে বুলি আশ্বাস দিয়ে তেওঁ ৷

খিলঞ্জীয়া মুছলমানৰ মনত সৃষ্টি হোৱা শংকা মানি লোৱা নহ’ব : জয়ন্তমল্ল বৰুৱা

তেওঁ পুনৰ কয়, খিলঞ্জীয়া মুছলমানৰ মনত সৃষ্টি হোৱা শংকা (Threat to ethnic Muslim community of Assam) কেতিয়াও মানি লোৱা নহ’ব ৷ খিলঞ্জীয়াৰ লোকৰ অস্তিত্বৰ শংকা চৰকাৰে মানি নলয়, এই সকলো বিষয় মুখ্যমন্ত্ৰীক অৱগত কৰিব ৰাজনৈতিক সচিব তথা বিধায়ক গৰাকীয়ে ৷

ইয়াৰোপৰি, এই সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে, অসমৰ খিলঞ্জীয়া লোকৰ ওচৰত যিধৰনে মাটিৰ অধিকাৰ থাকিব লাগিছিল অসমীয়াৰ উদাসীনতাৰ বাবেই বা অনভিজ্ঞতাৰ বাবেই হওঁক আমাৰ সেই অধিকাৰ লাহে লাহে আনে কাঢ়ি নিয়া আৰম্ভ কৰিছে ৷ ৰাজ্য চৰকাৰৰ স্পষ্ট নীতি- অসমৰ খিলঞ্জীয়া হিন্দু অথবা মুছলমান লোকৰ মাটিৰ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে ৷ খিলঞ্জীয়া লোকক মাটিৰ অধিকাৰ দিয়াতো চৰকাৰৰ দায়িত্ব ৷

লগতে পঢ়ক : খেল' ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.