ETV Bharat / state

AGP foundation day celebration: অগপৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই

author img

By

Published : Oct 11, 2022, 1:32 PM IST

অগপৰ আগন্তুক ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বুজ ল’বলৈ সোমবাৰে নিশা বৰপেটাত উপস্থিত হয় অগপৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা (Minister Atul Borah in Barpeta) ৷

Minister Atul Bora in Barpeta
Minister Atul Bora in Barpeta : 38 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ বুজ লবলৈ বৰপেটাত মন্ত্ৰী অতুল বৰা

বৰপেটা, 11 অক্টোবৰ: "অসম গণ পৰিষদ দলৰ 38 সংখ্যক প্ৰতিষ্ঠা দিৱস এইবাৰ আমি বৰপেটাত অনুষ্ঠিত কৰিছো ৷ ইতিমধ্যে ইয়াত এখন অভ্যৰ্থনা সমিতি গঠন হৈছে ৷" অগপৰ আগন্তুক ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাই এই মন্তব্য প্ৰকাশ কৰে ৷ অহা 14 অক্টোবৰত বৰপেটাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতিৰ বুজ ল'বলৈ সোমবাৰে নিশা বৰপেটাত উপস্থিত হয় অগপৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা (Minister Atul Borah in Barpeta) ৷

লগতে তেওঁ কয়, "যিকোনো ৰানজৈনিত দলৰে উত্থান বা বিপৰ্যয় থকাৰ দৰেই অসম গণ পৰিষদ দলৰো নোহোৱা নহয় ৷ কিন্তু বৰ্তমান সময়ত অসম গণ পৰিষদ দলে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে ৷ ইয়াৰ পূৰ্বে আমি লোকসভা নিৰ্বাচনত আসন লাভ কৰিব নোৱাৰাৰ বাবে দুৰ্বল হৈ পৰিছিলো ৷

Minister Atul Bora in Barpeta : 38 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ বুজ লবলৈ বৰপেটাত মন্ত্ৰী অতুল বৰা

2019 চনত বিজেপিৰ লগত মিত্ৰতা কৰি আমি নিৰ্বাচনত অৱতীৰ্ণ হ’লো, 2021 চনতো হ’লো ৷ দলৰ নীতি আদৰ্শ আমি বজাই ৰাখিছো ৷ ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাৰে আমি চৰকাৰত আছো ৷ চৰকাৰৰ লগত থাকি আমি পাৰ্যমানে জনসাধাৰণৰ হকে কাম কৰিবলৈ চেষ্টা কৰিছো ৷

আমাৰ বিশ্বাস অসম গণ পৰিষদ দলৰ (Assam gana parishad) প্ৰতিগৰাকী কৰ্মকৰ্তাই আগন্তুক দিনত দলটোৰ শক্তি বৃদ্ধি কৰিবলৈ কাম কৰি যাব ৷ ইতিমধ্যে আমি বহুতো কৰ্মসূচী লৈ এই ক্ষেত্ৰত কাম কৰিছো ৷ অগপৰ সংবিধানৰ কিছু সংশোধন কৰি বহুকেইটা ভাতৃ-ভগ্নী সংগঠনৰ জন্ম দিছো ৷ এটা কথা আমি স্বীকাৰ কৰিব লাগিব, যোৱা সময়ছোৱাত অসম গণ পৰিষদ দললৈ বহুতো নতুন তেজৰ আমদানি হৈছে ৷ অনাগত দিনত এয়াই আমাৰ মূল সম্পদ (Atul Bora on AGP foundation day) ৷"

বৰপেটা জিলা অগপৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিষ্ঠা দিৱসৰ অভ্যৰ্থনা সমিতিৰ লগত আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকীয়ে ৷ ২০১৯ চনত জন্ম দিয়া অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদে শেহতীয়াভাৱে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইপিনে সমাগত লোকসভা নিৰ্বাচনত অগপই কেইখন আসন বিচাৰিব সেই বিষয়ে মিত্ৰদল বিজেপিৰ সৈতে আলোচনাত মিলিত হ'ম বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ অৱশ্যে লোকসভা নিৰ্বাচনত অগপই কেইখন আসন বিচাৰিব সেই কথা উল্লেখ নকৰিলেও মিত্ৰজোঁটৰ সৈতে লোকসভা নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়ক: টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.