ETV Bharat / state

Micro finance relief scheme : বৰপেটাত ৯,২৬৮ গৰাকী মহিলাক ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 7:03 PM IST

Assam Microfinance Incentives and Relief Scheme
ৰপেটাত ৯,২৬৮ গৰাকী মহিলাক ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে মহিলাসকলক ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰা হয় ৷ বৰপেটা জিলাৰ ৯, ২৬৮ গৰাকী হিতাধিকাৰী মহিলাক সাংসদ কুইন ওজাই ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰে ।

ৰপেটাত ৯,২৬৮ গৰাকী মহিলাক ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান

বৰপেটা, ১৬ অক্টোবৰ: অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ জৰিয়তে সোমবাৰে ৰাজ্য চৰকাৰে বৰপেটা জিলাৰ ৯, ২৬৮ গৰাকী হিতাধিকাৰী মহিলাক ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা এই অনুষ্ঠানত সাংসদ কুইন ওজাই প্ৰতীকিভাৱে ৮ গৰাকী মহিলাক ঋণমুক্তৰ প্ৰমাণপত্ৰ প্ৰদান কৰে ।

এই অনুষ্ঠানত সাংসদ কুইন ওজাই প্ৰদান কৰা ভাষণত উল্লেখ কৰে যে, অসম চৰকাৰে ৰাজ্যৰ দুখীয়া লোক বিশেষকৈ মহিলাসকলক আৰ্থিক সকাহ দিয়াৰ লগতে আত্মনিৰ্ভৰ কৰিবলৈ যিবোৰ আঁচনি গ্ৰহণ কৰিছে তাৰ ভিতৰত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি অন্যতম ৷ ইতিমধ্যে ৰূপায়ণ কৰা এই আঁচনিখনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত যিসকল মহিলা তথা আত্মসহায়ক গোটে ধন লাভ কৰিবলৈ সক্ষম হৈছে, তেওঁলোক যথেষ্ট সকাহ লাভ কৰিছে ৷

বৰ্তমানৰ ৰাজ্য চৰকাৰে উপাৰ্জনমুখী কামত আত্মনিয়োগ কৰিব পৰাকৈ আত্মসহায়ক গোটৰ মহিলাসকলক বেংক একাউণ্টযোগে ধন দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সা‌ংসদ ওজাই নিজৰ ভাষণত উল্লেখ কৰে ৷ সাংসদগৰাকীয়ে ঋণ ৰেহাই পোৱা মহিলাসকলক ভৱিষ্যতে ভাবি চিন্তিহে ঋণ ল’বলৈ আহ্বান জনায় । কাৰণ নভবা নিচিন্তাকৈ ঋণ লোৱাৰ ফলত তেওঁলোকে ঋণৰ ধন পৰিশোধ কৰিব নোৱাৰি জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ চৰকাৰে ঋণৰ ধন পৰিশোধ কৰিবলৈ সিদ্ধান্ত লোৱাৰ ফলতহে এইবাৰলৈ মহিলাসকলে সকাহ পাবলৈ সক্ষম হৈছে বুলি সদৰী কৰে সাংসদগৰাকীয়ে ৷

ঋণমুক্ত প্ৰমানপত্ৰ বিতৰণ সভাত জিলা আয়ুক্ত আয়ুষ গৰ্গৰ লগতে জিলা প্ৰশাসনৰ বিষয়া আৰু জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Meeting at North Bongaigaon: বঙাইগাঁৱত অসম মাইক্ৰ'ফাইনেন্স ইনছেণ্টিভ আৰু ৰিলিফ আঁচনিৰ সন্দৰ্ভত অনুষ্ঠিত সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.