ETV Bharat / state

MGNREGA আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি !

author img

By

Published : Jul 29, 2021, 9:55 PM IST

কলগাছিয়াত MGNREGA আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ পথ নিৰ্মাণ নকৰাকৈয়ে আঁচনিৰ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷

MGNREGA আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি !
MGNREGA আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি !

জনীয়া, 29 জুলাই: বৰপেটা জিলাৰ কলগাছিয়াৰ জনতা পঞ্চায়তত MGNREGA আঁচনিৰ অধীনত পথ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । তিনিটাকৈ আৰছিছি (RCC) কালভাৰ্ট নিৰ্মাণ নকৰাকৈ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতি হাবিল খানৰ বিৰুদ্ধে । সম্প্ৰতি পথছোৱাৰ নিৰ্মাণকাৰ্য আধাতে সামৰাৰ ফলত গাঁঠিৰ ধন ভাঙি টুলুঙা নাৱেৰে বিপদজনকভাৱে যাতায়ত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷

MGNREGA আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি !

উল্লেখযোগ্য যে, জনীয়া সমষ্টিৰ (Jania) মন্দিয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত ৮২ নং জনতা গাঁও পঞ্চায়তত তিনিটাকৈ আৰছিছি (RCC) কালভাৰ্টসহ কৃষি বান্ধ নিৰ্মাণৰ কথা আছিল ৷ ২০২০-২১ বৰ্ষৰ MGNREGA আঁচনিৰ দ্বাৰা আবণ্টিত ৫৮ লাখ ২৫ হাজাৰ ১১৪ টকা ব্যয় সাপেক্ষে পূব কলনি দূৰ্গা মন্দিৰৰ পৰা মজিদভিটা চৰলৈ এই কালভাৰ্ট আৰু কৃষি বান্ধ নিৰ্মাণৰ কথা আছিল ৷ কিন্তু, পঞ্চায়তখনৰ সভাপতি হাবিল খানৰ বিৰুদ্ধে নামমাত্ৰ মাটি পেলাই এটাও কালভাৰ্ট নিৰ্মাণ নকৰাকৈ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে ৷

সম্প্ৰতি কৃষি বান্ধ তথা পথটো অৰ্ধনিৰ্মিত অৱস্থাত এৰি গুচি যোৱাত টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে মজিদভিটা, বালিকুৰি কলনি আৰু জনতা অঞ্চলৰ ৰাইজে । আনহাতে দৈনিক হাজাৰ হাজাৰ মানুহে যাতায়ত কৰা এই গুৰুত্বপূৰ্ণ পথটো বালি মাটিৰে নিৰ্মাণ কৰাত বানপানীৰ পূৰ্বেই বৰষুণৰ পানীত জহি খহি যাবলৈ আৰম্ভ কৰিছে ৷ যাৰ ফলত স্থানীয় ৰাইজে পথটো নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় তদন্ত দাবী উত্থাপন কৰিছে ৷

ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি গ্ৰহণ কৰাৰ কথা কোৱা চৰকাৰখনৰ দিনতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়ত এনেদৰে MGNREGA আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব ৰাজ্যৰ চৰকাৰ অথবা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এইসমূহ দুৰ্নীতি সংঘটিত কৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে ৷

লগতে পঢ়কঃ ক’ভিড কেয়াৰ কেন্দ্ৰ নে গৰু গোহালি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.