ETV Bharat / state

সংসদ আব্দুল খালেকক ধন্যবাদ জনাইছে মধুপুৰ সত্ৰৰ উপ-সভাপতিয়ে

author img

By

Published : Mar 25, 2022, 10:08 PM IST

VP of Madhupur Satra Banmali Pathak thanked to MP Abdul Khalek
সংসদ আব্দুল খালেকক ধন্যবাদ জনাইছে মধুপুৰ সত্ৰৰ উপসভাপতিয়ে

বৰপেটাৰ সাংসদ সাংসদ আব্দুল খালেকে সত্ৰীয়া সংস্কৃতি বিকশিত কৰাৰ বাবে সংসদৰ মজিয়াত দিয়া বক্তব্যৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ উপ সভাপতি বনমালী পাঠকে (VP of Madhupur Satra Banmali Pathak thanked to MP Abdul Khalek) ৷ লগতে বাংলাদেশৰ ৰংপুৰ জিলাত থকা সত্ৰসমূহ উদ্ধাৰৰ বাবে সাংসদগৰাকীক কিছুমান পৰিকল্পনা হাতত ল’বলৈ আহ্বান জনাইছে উপ সভাপতিগৰাকীয়ে ৷

বৰপেটাৰোড, 25 মাৰ্চ : সত্ৰীয়া সংস্কৃতি বিকশিত কৰাৰ উদ্দেশ্যে সংসদৰ মজিয়াত দিয়া বক্তব্যৰ বাবে বৰপেটাৰ সাংসদ আব্দুল খালেকক ধন্যবাদ জ্ঞাপন কৰিছে মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ উপ সভাপতি বনমালী পাঠকে ( Madhupur Satra authority thanked MP Abdul Khalek) ৷

সংসদ আব্দুল খালেকক ধন্যবাদ জনাইছে মধুপুৰ সত্ৰৰ উপসভাপতিয়ে

লগতে সাংসদ আব্দুল খালেকে পশ্চিমবংগৰ মধুপুৰ সত্ৰৰ উপৰিও বৰপেটা সত্ৰ, বহৰি সত্ৰ, গুৱাহাটীস্থিত দৌল গোবিন্দ মন্দিৰ (Doul Govinda Mandir) আদিকে ধৰি ৰাজ্যৰ বিভিন্ন সত্ৰ সমূহ কেন্দ্ৰীয় চৰকাৰৰ 'কৃষ্ণ চাৰ্কিত'ৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ দাবী জনোৱা কাৰ্যকো শলাগে মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ উপ-সভাপতিগৰাকীয়ে ৷

ইয়াৰ লগতে বাংলাদেশৰ ৰংপুৰ জিলাত থকা সত্ৰ সমূহ উদ্ধাৰৰ বাবে সাংসদ আব্দুল খালেকক কিছুমান পৰিকল্পনা হাতত ল’বলৈ আহ্বান জনায় উপ সভাপতি বনমালী পাঠকে ৷ তদুপৰি, মধুপুৰ সত্ৰৰ প্ৰথমে গঠন হোৱা সত্ৰ পৰিচালনা সমিতিৰ মুখ্য সদস্য প্ৰয়াত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ (Former President Fakhruddin Ali Ahmed) আছিল বুলিও সাংবাদিকৰ আগত উল্লেখ কৰি উপ সভাপতিগৰাকীয়ে ৷

ইয়াৰোপৰি, মধুপুৰ সত্ৰৰ উপৰিও কোচবিহাৰত আৰু ১২ খন সত্ৰ আছে বুলি মন্তব্য কৰে ৷ সম্প্ৰতি এই সত্ৰসমূহৰ অৱস্থা অতি শোচনীয় বুলি মন্তব্য কৰি সত্ৰকেইখন বিকশিত কৰাৰ বাবে গুৰুত্ব দিবলৈ আহ্বান জনায় মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ উপ সভাপতি বনমালী পাঠকে ৷

লগতে পঢ়ক : The Kashmir Files: দ্য কাশ্মীৰ ফাইলচক লৈ ব্যস্ততা বাঢ়িছে চৰকাৰী বিষয়া-আমোলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.