ETV Bharat / state

মইনবড়ীৰ জয়পুৰ বজাৰত জব্দ অংগনবাদী কেন্দ্ৰৰ চাউল আৰু মটৰ

author img

By

Published : Apr 22, 2022, 10:46 AM IST

মইনবড়ীৰ জয়পুৰ বজাৰত বৃহস্পতিবাৰে নিশা জব্দ অংগনবাদী কেন্দ্ৰৰ চাউল আৰু মটৰ (Illegally Smuggling Rice and peas in Barpeta)। অংগনবাদী কেন্দ্ৰৰ কৰ্মীৰ ঘৰৰ পৰা ই-ৰিক্সাৰে বজাৰলৈ লৈ যোৱাৰ সময়ত ৰাইজে জব্দ কৰে ৬ বস্তা চাউল আৰু ২ বস্তা মটৰ । আৰক্ষী আৰু সাংবাদিক উপস্থিতিত ঘটনাস্থলীৰ পৰা পলায়ন কৰে হাফিজুৰ ৰহমান আৰু আমানুৰ নামৰ দুই ব্যক্তি ৷

মইনবড়ীৰ জয়পুৰ বজাৰত জব্দ অংগনবাদী কেন্দ্ৰৰ চাউল আৰু মটৰ
মইনবড়ীৰ জয়পুৰ বজাৰত জব্দ অংগনবাদী কেন্দ্ৰৰ চাউল আৰু মটৰ

জনীয়া, ২২ এপ্ৰিল : চৰকাৰে কণ কণ শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে অংগনবাদী কেন্দ্ৰৰ জৰিয়তে খাদ্য সামগ্ৰী যোগান ধৰি আহিছে ৷ কিন্তু চৰকাৰী এই খাদ্য সামগ্ৰীসমূহ ৰাইজৰ মাজত বিতৰণ কৰাৰ পৰিৱৰ্তে একাংশ কৰ্মীয়ে গোপনে বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ কিছমত মইনবড়ীৰ ১২১ নং অংগনবাদী কেন্দ্ৰত ।

ৰাইজৰ অভিযোগ অনুসৰি, মইনবড়ীৰ ১২১ নং অংগনবাদী কেন্দ্ৰটোত সংঘনে সংঘটিত হৈ আহিছে অনিয়ম ৷ অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী শ্বাজিদা খাতুনে বিভিন্ন সময়ত কেন্দ্ৰটোৰ নামত অহা চৰকাৰী সাহাৰ্য হৰলুকী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ তেনে এক ঘটনাই সংঘটিত হৈছে বৃহস্পতিবাৰে নিশা ৷

মইনবড়ীৰ জয়পুৰ বজাৰত জব্দ অংগনবাদী কেন্দ্ৰৰ চাউল আৰু মটৰ

ঘটনাৰ বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে নিশা অংগনবাদী কেন্দ্ৰটোৰ কৰ্মী শ্বাজিদা খাতুনে কেন্দ্ৰটোৰ নামত অহা চৰকাৰী ৬ বস্তা চাউল আৰু ২ বস্তা মটৰ বিক্ৰী কৰে একে গাঁৱৰে হাফিজুৰ ৰহমান আৰু আমানুৰক (Rice and peas of Anganwadi center seized in Barpeta market) ৷ আনকি শ্বাজিদা খাতুনে বিক্ৰী কৰা চাউল আৰু মটৰ খিনি নিয়াৰ বাবে হাফিজুৰ ৰহমান আৰু আমানুৰক ব্যৱহাৰ কৰিবলৈ দিছিল তেওঁৰ ঘৰৰ ই-ৰিক্সাখনো ৷

লগতে পঢ়ক : বৰপেটাত 84 বস্তা চোৰাং চাউল জব্দ

কিন্তু দশা বেয়া আছিল শ্বাজিদা খাতুনৰ লগতে হাফিজুৰ ৰহমান আৰু আমানুৰৰ ৷ চৰকাৰী সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়ত জয়পুৰ বজাৰত ৰাইজে জব্দ কৰে ই-ৰিক্সাৰসহ ফিজুৰ ৰহমান আৰু আমানুৰক । লগে লগে অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ তাৰ পাচতেই খবৰ দিয়া হয় মইনবড়ী আৰক্ষীক ৷

মইনবড়ী আৰক্ষীৰ উপস্থিতিৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে হাফিজুৰ ৰহমান আৰু আমানুৰে ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ই-ৰিক্সা চালকগৰাকীয়ে ৷ ৰাইজৰ অভিযোগ, এই ঘটনা সন্দৰ্ভত শ্বাজিদা খাতুনৰ লগত জড়িত আছে আন কেইবাজনো ব্যক্তি ৷ এই ঘটনা সন্দৰ্ভত ৰাইজে ইতিমধ্যে মইনবড়ী আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে এক তদন্ত ৷

লগতে পঢ়ক : প্লাষ্টিকৰ চাউল নে প্ৰ’টিনযুক্ত চাউল: বিমোৰত অভিভাৱক-অংগনবাদী কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.