ETV Bharat / city

প্লাষ্টিকৰ চাউল নে প্ৰ’টিনযুক্ত চাউল: বিমোৰত অভিভাৱক-অংগনবাদী কৰ্মী

author img

By

Published : Mar 25, 2022, 10:21 PM IST

প্লাষ্টিকৰ চাউল নে প্ৰ’টিনযুক্ত চাউল
প্লাষ্টিকৰ চাউল নে প্ৰ’টিনযুক্ত চাউল

ৰাজ্যৰ শিশুসকলৰ প্ৰতি কিমান সচেতন ৰাজ্যৰ সমাজ কল্যাণ বিভাগ ? শেহতীয়াকৈ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ বিশ্ৰামপুৰৰ অংগনবাড়ী কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে এখন ভয়লগা ছবি ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন সমাজক ৷ সবিশেষ জানিবলৈ পঢ়ক ...

তিনিচুকীয়া, 25 মাৰ্চ : তিনিচুকীয়াৰ শদিয়া বিধান সভা সমষ্টিৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত উত্তৰ বিশ্ৰামপুৰৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকাক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ লগতে শিশুৰ বাবে অহা পুষ্টিকৰ ভিটামিনযুক্ত চাউলৰ ক্ষেত্ৰতো বিসংগতি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে ৷ এনে ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকাসকলেও উচিত উত্তৰ দিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল ৷

জানিব পৰা মতে, ৰাজ্য চৰকাৰে শিশুৰ সু-স্বাস্থ্যৰ বাবে অংগনবাড়ী কেন্দ্ৰৰ যোগেদি শিশুসকলক দিয়া বিনামুলীয়া চাউলত 40-ফাইড নামৰ এবিধ প্ৰটিনযুক্ত চাউল মিহলি কৰা থাকে ৷ এই চাউলবিধ সাধাৰণ চাউলতকৈ কিছু পৰিমাণে ডাঙৰ হয় ৷ পিছে উত্তৰ বিশ্ৰামপুৰৰ অংগনবাড়ী কেন্দ্ৰত শিশুসকলক সু-স্বাস্থ্যৰ বাবে যোগান ধৰা এই পুষ্টিকৰ চাউলেৰে নিৰ্মিত খাদ্য খুওৱাৰ পৰা অংগনবাড়ী কৰ্মীসকলে বিৰত থকা বুলি উল্লেখ কৰিলে অভিভাৱকসকলে (Doubts over protein rich rice supplied at anganwadi kendra) ৷

অংগনবাদী কৰ্মী

উল্লেখ্য যে, 40-ফাইড নামৰ প্ৰটিনযুক্ত চাউলবিধৰ সম্পৰ্কে প্ৰত্যকখন অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকাসকলক ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা প্ৰশিক্ষণ দিয়া হয় ৷ এই প্ৰশিক্ষণক বহুসংখ্যক অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকাই গুৰুত্ব সহকাৰে নোলোৱা ফলত 40-ফাইড প্ৰটিনযুক্ত চাউলবিধ আচলতে কি হয়, সেয়া ভালকৈ অৱগত নহয় বুলিও অভিযোগ উত্থাপন কৰা হৈছে ৷ যাৰ ফলত উত্তৰ বিশ্ৰামপুৰৰ অংগনবাড়ী কেন্দ্ৰক শিশু সকলৰ অভিভাৱকসকলে 40-ফাইড প্ৰটিনযুক্ত চাউলক প্লাষ্টিকৰ চাউল বুলি ভাবি শিশুহঁতক যোগানৰ পৰা বিৰত থাকে (Protein rich suspected to be plastic rice in Tinsukia) ৷

বিভাগৰ দ্বাৰা অংগনবাড়ী কৰ্মীসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদান নকৰা তথা শিশুসকলৰ সু-স্বাস্থ্যৰ বাবে অহা পুষ্টিকৰ চাউলৰ পৰা নিৰ্মিত খাদ্য যোগানৰ ক্ষেত্ৰত দেখা দিয়া ভয়ংকৰ বিসংগতিয়ে ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ এখন ভয়লগা ছবি দাঙি ধৰিছে ৷ শিশুসকলৰ ভৱিষ্যতক লৈ কৰা হেতালিয়ে চিন্তিত কৰি তুলিছে ৰাজ্যৰ সচেতন সমাজকো ৷

লগতে পঢ়ক : নগাঁও আয়োজন আশা অভিৱৰ্তন 2021-22

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.