ETV Bharat / state

নগাঁও আয়োজন আশা অভিৱৰ্তন 2021-22

author img

By

Published : Mar 25, 2022, 1:40 PM IST

নগাঁৱত আয়োজন আশাকৰ্মীসকলৰ 2021-22 বৰ্ষৰ অভিৱৰ্তন (Asha convention 2022) ৷ নগাঁও জিলাৰ উপাযুক্ত হিৱৰে নিসৰ্গ গৌতম মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে জিলাখনৰ প্ৰায় পোন্ধৰ শ আশাকৰ্মী ৷

নগাঁও আয়োজন আশা অভিৱৰ্তন 2021-22
নগাঁও আয়োজন আশা অভিৱৰ্তন 2021-22

নগাঁও, 25 মাৰ্চ : বৃহস্পতিবাৰে নগাঁও দচন খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় আশা কৰ্মীসকলৰ অভিৱৰ্তন অনুষ্ঠান (Asha convention 2022 organized in Nagaon) ৷ অসমৰ স্বাস্থ্যখণ্ডৰ গাঁও পৰ্যায়ৰ স্বাস্থ্য সেৱাৰ মূল চালিকা শক্তিয়েই হ'ল আশাকৰ্মীসকল । সেয়ে আশাকৰ্মীসকলক কৰ্মক্ষেত্ৰত অনুপ্ৰেৰণা যোগোৱাৰ লগতে আশাকৰ্মীসকলক সামাজিক-সাংস্কৃতিক উত্তৰণৰ হেতুকে এখন মঞ্চ দিয়াৰ উদ্দেশ্যে নগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলা ভিত্তিত আশাকৰ্মী অভিৱৰ্তন 2021-22 আয়োজন কৰা হয় ৷

নগাঁও আয়োজন আশা অভিৱৰ্তন 2021-22

নগাঁও জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ উপাযুক্ত হিৱৰে নিসৰ্গ গৌতম ৷ লগতে এই অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অতুল পাটৰ, জিলাখনৰ প্ৰায় পোন্ধৰ শ আশাকৰ্মী আৰু কেইবাগৰাকীও গণ্য মান্য ব্যক্তি ৷ এই অভিৱৰ্তনখনিত কেইবাগৰাকীও আশা কৰ্মীক তেওঁলোকৰ কৰ্মৰ বাবে পুৰস্কৃতও কৰা হয় ৷

নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অতুল পাটৰে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, এনে অনুষ্ঠানে স্বাস্থ্যখণ্ডত নিয়োজিত আশা কৰ্মীসকলক কাম কৰাৰ অনুপ্ৰেৰণা যোগায় ৷ লগতে এই অভিৱৰ্তনে আশা কৰ্মীসকলৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰাতো সহায়ক হয় ৷

লগতে পঢ়ক : আৰম্ভ হ’ল 68 সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.