ETV Bharat / state

বেকী নদীৰ লেতেৰা পানী খাই জীৱন নিৰ্বাহ কৰিছে এখন গাঁৱৰ ৰাইজে

author img

By

Published : Aug 11, 2020, 12:52 PM IST

বানপানী কমিছে, কিন্তু কমা নাই নৈপৰীয়া লোকৰ দূৰ্দশা। জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি, খাৰবাল্লী,কাউৰঝাহী,সুঁতিৰ পাথাৰ আদি গাঁৱৰ ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে।

jania-unclean-water-story
বেকী নদীৰ লেতেৰা পানী খাই জীৱন নিৰ্বাহ কৰিছে এখন গাঁৱৰ ৰাইজে

জনীয়া, 11 আগষ্ট : বানপানী কমিছে,কিন্তু কমা নাই নৈপৰীয়া ৰাইজৰ দুৰ্দশা। জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি,খাৰবাল্লী, কাউৰঝাহী,সুঁতিৰ পাথাৰ আদি গাঁৱৰ ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিব লগা হৈছে।

বেকী নদীৰ লেতেৰা পানী খাই জীৱন নিৰ্বাহ কৰিছে এখন গাঁৱৰ ৰাইজে
বেকী নদীৰ লেতেৰা ঘোলাপানী সেৱন কৰি প্ৰাণ বচাইছে এই সকল গঞাই। কলগাছিয়াৰ আমগুৰি গাঁৱৰ দৰিদ্ৰ লোকসকলৰ দমকল নথকাৰ ফলত এইদৰে দৈনিক মহিলাসকলে নদীৰ পানী কলহত ভৰ্তি কৰি ঘৰলৈ নিয়ে। এই দূষিত পানীৰেই ৰন্ধাবঢ়া,খোৱা-বোৱা,গা-ধোৱাৰ লগতে যাৱতীয় কাম কাজত ব্যৱহাৰ কৰিব লগীয়া হয় । উল্লেখ্য যে,নদীৰ ঘোলা পানী সেৱন কৰাৰ ফলত ভুক্তভোগী ৰাইজৰ মাজত বিভিন্ন বেমাৰে দেখা দিছে। লোকসকলে কৰা অভিযোগ মতে কেৱল নিৰ্বাচনৰ সময়ত ভোট খুজিবলৈহে নেতাসকল উক্ত অঞ্চলটোলৈ আহে,কিন্তু নিৰ্বাচন পিছত কোনো নেতা,বিধায়কৰ চকুত নপৰে এইসকল ৰাইজৰ দুৰ্দশাৰ ছবি।

নদীৰ গৰাখহনীয়াই জুৰুলা কৰি পেলোৱা এই সকল ৰাইজে এতিয়া এটুপাল বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিক দাবী জনাইছে ।

লগতে পঢ়ক : বিদেশী শক্তি নহয়, দেশবাসীৰ হ'কে নতুন সংবিধানৰ প্ৰয়োজন : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাজাপাকছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.