ETV Bharat / state

জনিয়া সমষ্টিৰ ভোগেৰআণ্ডাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Oct 11, 2019, 9:03 AM IST

Updated : Oct 11, 2019, 9:33 AM IST

জনীয়া সমষ্টিৰ ভোগেৰআণ্ডাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা শ্বহিদুল ইছলামে। বিজেপি চৰকাৰৰ কামৰ প্ৰতি আকৰ্ষিত হৈ এইবাৰ সংখ্যালঘু ৰাইজে ভোট দিব বুলি মন্তব্য ৰাইজৰ।

জনিয়া, 11 অক্টোবৰঃ জনিয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জনিয়া সমষ্টিত কংগ্ৰেছ, এ আই ইউ ডি এফৰ সমান্তৰালকৈ বিজেপিৰো প্ৰচাৰ অভিযান তুংগত । সমষ্টিটোৰ বিভিন্ন ঠাইত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে জোৰদাৰ প্ৰচাৰ চলাইছে বিজেপি দলে । বৃহস্পতিবাৰে জনিয়া সমষ্টিৰ ভোগেৰআণ্ডাত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা শ্বহিদুল ইছলামে। নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণ প্রসংগত শ্বহিদুল ইছলামে জনিয়াত ৮ খন পঞ্চায়তলৈ এখন খণ্ড উন্নয়নৰ পোষকতা কৰি খণ্ড উন্নয়নৰ বাবে তেজ দিব বুলিও মন্তব্য কৰে।

জনীয়া সমষ্টিৰ ভোগেৰআণ্ডাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত চালানী প্ৰাৰ্থী প্ৰক্ষেপ কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কয়, " তৌফিকুৰ ৰহমান যদি চালানী হয় তেন্তে মনমোহন সিং, সঞ্জয় সিং কেনেকৈ সাংসদ হৈছিল । তৌফিকুৰ ৰহমান অসমৰ এজন সুযোগ্য সন্তান তেওঁ অসমৰ হৈ কেনেকৈ চালানী হ'ল ।" ইয়াৰোপৰি বিজেপিৰ টিকট নোপোৱা সন্দৰ্ভত জনীয়া সমষ্টিৰ ক্ষেত্ৰত দলে মোতকৈ যোগ্য প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু দলে যি সিদ্ধান্ত লৈছে তাক মই স্বাগতম জনাইছো বুলি মন্তব্য কৰে শ্বহিদুল ইছলামে ।



Intro:slug: as_jania_11oct_bjp_campaign_vis2+byt3+pho2_story_asc10058

Anchor: জনীয়া সমষ্টিৰ ভোগেৰআণ্ডাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা শ্বহিদুল ইছলামে। বিজেপি চৰকাৰৰ কামৰ প্ৰতি আকৰ্ষিত হৈ এইবাৰ সংখ্যালঘূ ৰাইজে ভোট দিব বুলি মন্তব্য ৰাইজৰ।Body:slug: as_jania_11oct_bjp_campaign_vis2+byt3+pho2_story_asc10058

VO: জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ-এ আই ইউ ডি এফৰ সমান্তৰাল ভাৱে জনীয়া সমষ্টিত বিজেপিৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপি দলে সমষ্টিটোৰ বিভিন্ন ঠাইত ভোটাৰক আকৰ্ষিত কৰাৰ বাবে জোৰদাৰ প্ৰচাৰ চলাই থকা গৈছে। আজি জনীয়া সমষ্টিৰ জনীয়া সমষ্টিৰ ভোগেৰআণ্ডাত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা শ্বহিদুল ইছলামে। শ্বহিদুল ইছলামে নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্রসংগত জনীয়াত ৮ খন পঞ্চায়তলৈ এখন খণ্ড উন্নয়নৰ পোষকতা কৰি খণ্ড উন্নয়নৰ বাবে তেজ দিব বুলিও মন্তব্য কৰে। ইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত চালানী প্ৰাৰ্থী প্ৰক্ষেপ কৰা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কয় যে, কোনেও চালানী প্ৰাৰ্থী নহয়। তৌফিকুৰ ৰহমান যদি চালানী হয় তেন্তে মোনমহন সিং, সঞ্জয় সিং কেনেকৈ সাংসদ হৈছিলে। গতিকে তৌফিকুৰ ৰহমান অসমৰ এজন সুযোগ্য সন্তান তেওঁ অসমৰ হৈ কেনেকৈ চালানী হল। বিজেপিৰ টিকট নোপোৱা সন্দৰ্ভত তেওঁ কয় যে, বিজেপিত ব্যক্তিতকৈ দল ডাঙৰ। জনীয়া সমষ্টিৰ ক্ষেত্ৰত দলে মোতকৈ যোগ্য প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু দলে যি সিদ্ধান্ত লৈছে তাক মই স্বাগতম জনাইছো বুলি তাৎপর্যপূৰ্ণ মন্তব্য কৰে শ্বহিদুল ইছলামে।Conclusion:slug: as_jania_11oct_bjp_campaign_vis2+byt3+pho2_story_asc10058

Byt: বিজেপি নেতা শ্বহিদুল ইছলাম আৰু ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভ ভাৰত অসম।
Last Updated :Oct 11, 2019, 9:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.