ETV Bharat / state

থানাৰ সন্মুখতে হোষ্টেল তথাপিও নিশা মহিলাৰ ওপৰত চলে নিৰ্যাতন !

author img

By

Published : Jun 15, 2019, 12:18 PM IST

নিৰাপত্তাহীনতাত কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ৰ ছাত্ৰী-শিক্ষয়িত্ৰী

বাঘবৰৰ মন্দিয়াত অৱস্থিত কস্তুৰবা গান্ধী চৰকাৰী আবাসিক বিদ্যালয়খনৰ ডেৰশতাধিক ছাত্ৰী আৰু সোতৰগৰাকী শিক্ষয়ত্ৰীৰ এতিয়া চৰম নিৰাপত্তাহীন অৱস্থা ৷ উদাসীন আৰক্ষী-প্ৰশাসন, শিক্ষা বিভাগ ৷

বৰপেটা, 15 জুন : আৱাসিক বিদ্যালয়ত সুৰক্ষিত নহয় ছাত্ৰী-শিক্ষয়িত্ৰী ৷ নিশা হ'লেই আৱাসিক বিদ্যালয়খনৰ চৌপাশে ঘূৰি ফুৰে উদণ্ড যুৱকৰ দল ৷ খিৰিকীৰে নাবালিকা ছাত্ৰীৰ দেহত দিয়ে হাত ৷ আনকি অসৎ কামনাৰে ভেন্টিলেচন ভাঙি শিক্ষয়িত্ৰীৰ কোঠাত প্ৰৱেশৰো অপচেষ্টা যুৱকৰ দলটোৰ ৷ যদিও এনে ঘটনাকলৈ উদাসীন শিক্ষা বিভাগ, উদাসীন আৰক্ষী-প্ৰশাসন ৷ বৰপেটাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত অৱস্থিত কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা ৷ ফলত নিশা হ'লেই আতংকিত হৈ পৰে বিদ্যালয়ৰ শিক্ষয়ত্ৰী আৰু ছাত্ৰীসকল ৷ উদণ্ড যুৱকৰ কামনাৰ বলি হোৱাৰ আশংকাত এতিয়া প্ৰতি নিশাই বিনিদ্ৰ ৰজনী কটাইছে আৱাসী সকলে ৷

নিৰাপত্তাহীনতাত কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ৰ ছাত্ৰী-শিক্ষয়িত্ৰী

বিদ্যালয়খনত ঘটি থকা এনে জঘন্য ঘটনাৰ বিষয়ে পূৰ্বেও বাতৰি সম্প্ৰচাৰ হৈছিল যদিও গা-লৰা নাই শিক্ষা বিভাগৰ ৷ ইপিনে আৱাসিক বিদ্যালয়খনত নাই নিৰাপত্তাৰ কোনো ব্যৱস্থা ৷ নাই চৌহদত কোনো দেৱাল, নাই পোহৰৰ ব্যৱস্থা ৷ কোঠাৰ দুৱাৰ খিৰিকীবোৰৰ অৱস্থাও তথৈবচ ৷ যাৰ সুযোগ লৈ ভগ্ন খিৰিকীৰে যুৱকে নিশা ছাত্ৰীৰ শ্লীলতা হানিৰ অপচেষ্টা চলায় ৷ লক্ষণীয়ভাৱে বিদ্যালয়খনৰ একেবাৰে সন্মুখতে আছে মন্দিয়া থানা ৷ অথচ অপৰাধীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী ৷ ইতিমধ্যে দুখনকৈ এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষী অধীক্ষককো জনোৱা হৈছে সমস্ত ঘটনা ৷ তথাপিও বিদ্যালয়খনত উপস্থিত হোৱা নাই কোনো এগৰাকী শিক্ষা বিষয়া, উপস্থিত হোৱা নাই আৰক্ষীৰ শীৰ্ষ বিষয়া ৷

আৰু পঢ়ক - বিশ্বনাথৰ বাঘমাৰীত অস্ত্ৰসহ গ্ৰেপ্তাৰ দুজন ব্যক্তি

Slug:     as_bar_15june_insecure_lady_teacher_vis+bite+photo_7203841                              

নিশা হলেই আতংক নামি আহে বৰপেটাৰ বাঘবৰৰ এখন আবাসিক বিদ্যালয়লৈ ৷
নিৰাপত্তাহীন ছাত্ৰী, নিৰাপত্তাহীন শিক্ষয়ত্ৰী ৷

বৰপেটা, ১৫ জুনঃ আচলপাৰাৰ ঘটনাতকৈয়ো বিভৎস ঘটনা ঘটি আছে বৰপেটাৰ বাঘবৰৰ এখন আবাসিক বিদ্যালয়ত ৷ নিশা হলেই আবাসিক বিদ্যালয়খনৰ চৌপাশে ঘুৰি ফুৰে কামান্ধ যুৱকৰ দল ৷ খিৰিকি খুলি নাবালিকা ছাত্ৰীৰ দেহত দিয়ে হাত ৷ অসৎ কামনাৰে ভেন্টিলেচন ভাঙি শিক্ষয়ত্ৰীৰ কোঠাত প্ৰবেশৰ চেষ্টা যুৱকৰ দলৰ ৷ বাঘবৰৰ বিদ্যালয়খনত নিতৌ নিশা ঘটি থকা নিৰ্লজ্জ, বিভৎস ঘটনাকলৈ পিছে উদাসীন শিক্ষা বিভাগ, উদাসীন আৰক্ষী বাহিনী ৷

বৰপেটাৰ বাঘবৰ সমষ্টিৰ মন্দিয়াত অৱস্থিত কস্তুৰবা গান্ধী বালিকা আবাসিক বিদ্যালয়ত পুনৰ ঘটিল বিভৎস ঘটনা ৷ বিদ্যালয়ৰ হোষ্টেলৰ খিৰিকীৰে হাত সুমুৱাই নাবালিকা ছাত্ৰীৰ দেহত হাত উদণ্ড, উশৃংখল যুৱকৰ দলৰ ৷ প্ৰতি নিশা বিদ্যালয়খনৰ চৌদিশে পিটপিটাই ফুৰে যুৱকৰ একোটা দল ৷  ভেন্টিলেছনেৰে শিক্ষয়ত্ৰীৰ কোঠাত দিয়ে চকু ৷ আনকি ভেন্টিলেছন ভাঙি প্ৰবেশৰো চেষ্টা কামান্ধ যুৱকৰ দলৰ ৷ আবাসিক বিদ্যালয়খনত প্ৰতি নিশা ঘটি ঘটিবলৈ লৈছে এনে ঘটনা ৷ এতিয়া নিশা হলেই বিদ্যালয়ৰ শিক্ষয়ত্ৰী আৰু নাবালিকা ছাত্ৰীসকলৰ মাজলৈ নামি আহে ভয়াৱহ আতংক ৷ বাঘবৰৰ মন্দিয়াত অৱস্থিত কস্তুৰবা গান্ধী চৰকাৰী আবাসিক বিদ্যালয়খনৰ ডেৰশতাধিক ছাত্ৰী আৰু সোতৰগৰাকী শিক্ষয়ত্ৰীৰ এতিয়া চৰম নিৰাপত্তাহীন অবস্থা ৷ কোন মুহূৰ্তত কোন কামান্ধ, উদণ্ড যুৱকৰ হাতত ধৰ্ষণৰ বলি হবলগীয়া হয় তাৰ যেন নিশ্চয়তা নোহোৱা হৈ পৰিছে বিদ্যালয়খনৰ আবাসী ছাত্ৰী অথবা শিক্ষয়ত্ৰীসকলৰ বাবে ৷ বিদ্যালয়খনত ঘটি থকা এনে জঘন্য ঘটনাৰ বিষয়ে 'Etv Bharat 'ত পূৰ্বে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো গা লৰা নাই শিক্ষা বিভাগৰ ৷ যেন নঘটিবলগীয়া কোনো ঘটনাৰ বাবেই অপেক্ষা শিক্ষা বিভাগৰ ৷ কিয়নো আবাসিক বিদ্যালয়খনত নাই নিৰাপত্তাৰ কোনো ব্যৱস্থা ৷ নাই চৌহদত কোনো দেৱাল, নাই পোহৰৰ ব্যৱস্থা ৷ কোঠাৰ দুৱাৰ খিৰিকীবোৰৰ অৱস্থাও তথৈবচ ৷ হোষ্টেলৰ প্ৰায়বোৰ দুৱাৰ খিৰিকি ভাগি চিগি যোৱা ৷ যাৰ সুযোগ লৈ ভগ্ন খিৰিকিৰে অসভ্য যুৱকে নিশা হানি কৰিব বিচাৰে ছাত্ৰীৰ শ্লীলতা ৷ লক্ষ্যনীয়ভাৱে বিদ্যালয়খনৰ একেবাৰে সন্মুখতে আছে মন্দিয়া থানা ৷ অথচ অপৰাধীক কৰায়ত্ব কৰাত ব্যৰ্থ আৰক্ষী ৷ ইতিমধ্যে দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীক ৷  আৰক্ষী অধীক্ষককো জনোৱা হৈছে সমস্ত ঘটনা ৷ অথচ আবাসিক বিদ্যালয়খনত নিশাৰ ভাগত এনে ভয়ংকৰ ঘটনা ঘটি থকাৰ পিচতো বিদ্যালয়খনত উপস্থিত হোৱা নাই কোনো এগৰাকী শিক্ষা বিষয়া, উপস্থিত হোৱা নাই আৰক্ষীৰ শীৰ্ষ বিষয়া ৷ অাচলপাৰা, অৰ্নমাই বৰা অথবা তাতোকৈ ভয়াৱহ কোনো ঘটনা ঘটাৰ দিনটোলৈকে যেন অপেক্ষা শিক্ষা বিভাগ অথবা আৰক্ষী প্ৰশাসনৰ ৷ ঘটনাটোত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হস্তক্ষেপ দাবী কৰিছে ভূক্তভোগী শিক্ষয়ত্ৰীসকলে ৷ 

বাইটঃ বিদ্যালয়খনৰ ৱাৰ্ডেন, আৰু দুগৰাকী সহকাৰী শিক্ষয়ত্ৰী ৷

---- বাপকন দাস,  বৰপেটা ৷                                    

ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.