ETV Bharat / state

Illegal sand mining: বেকী নৈৰ বুকুত দিনে নিশাই চলিছে বালি খনন কাৰ্য; নীৰৱ ভূমিকাত প্ৰশাসন

author img

By

Published : Apr 16, 2023, 2:09 PM IST

Illegal sand mining
অবৈধভাৱে চলিছে বালি খনন কাৰ্য

ৰাজ্যত অব্যাহত আছে অবৈধভাৱে বালি খনন কাৰ্য । কলগাছিয়াৰ শওঁপুৰত বেকী নৈৰ বুকুত চলিছে বালি মাফিয়াৰ সন্ত্ৰাস । নীৰৱ ভূমিকাত স্থানীয় প্ৰশাসন (Illegal sand mining in Kalgasia) ।

বেকী নৈৰ বুকুত দিনে নিশাই চলিছে বালি খনন কাৰ্য

কলগাছিয়া, 16 এপ্ৰিল : কাৰ আশীৰ্বাদত বৰপেটা জিলাৰ বেকী নৈৰ বুকুত চলিছে অবৈধভাৱে বালি খনন কাৰ্য ? অসাধু বালি ব্যৱসায়ীয়ে দিনে-নিশাই অবৈধ বালি খনন চলোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে সংবাদ মাধ্যমৰ কেমেৰাত । দিনৰ পোহৰতে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰ গাঁৱৰ বেকী নদীৰ বুকুত সন্ত্ৰাস চলাইছে বালি মাফিয়াই (Illegal sand mining in Kalgasia) ।

প্ৰাপ্ত তথ্য মতে শওঁপুৰ গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ বৰ্তমানৰ আঞ্চলিক সদস্য আলতাফ হুছেইন আৰু তেওঁৰে সৰু ভাতৃ শ্বহিদুল ইছলামৰ নেতৃত্বতে চলিছে এই অবৈধ বালি খনন কাৰ্য । এই কথা স্বীকাৰ কৰে খনন কাৰ্যৰ সৈতে জড়িত এগৰাকী বালি কঢ়িওৱা ট্ৰেক্টৰ চালকে । এইদৰে বালি খনন কাৰ্য চলোৱাৰ ফলতেই প্ৰত্যেক বছৰে বেকী নৈৰ গৰাখহনীয়াৰ কবলত পৰি গৃহহাৰা হ’বলগীয়া হয় শ শ পৰিয়াল । লগতে গৰাখহনীয়াৰ ভাবুকিৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ (Devastating Erosion at Kalgasia) ৷

Illegal sand mining
অবৈধ বালি খনন কাৰ্যৰ সৈতে অভিযুক্ত

আনকি গৰাখহনীয়াৰ কবলত পৰি জাহ গৈছে কেইবাটাও স্থানীয় পৰিয়াল তথা কেইবাখনো চৰকাৰী বেচৰকাৰী অনুষ্ঠান । কাৰ আশীৰ্বাদত বেকী নৈৰ বুকুত দিনে নিশাই অবৈধ বালি খনন চলিছে সেই সন্দৰ্ভত উত্থাপন হৈছে প্ৰশ্নৰ । তদুপৰি, এই খনন কাৰ্যত স্থানীয় প্ৰশাসনৰ সহযোগিতা চলিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে । বিষয়টো সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰিছে সংশ্লিষ্ট বন বিভাগে (Illegal mining on banks of Beki River in Kalgasia) ।

Illegal sand mining
অবৈধ বালি খনন কাৰ্যৰ সৈতে অভিযুক্ত

বিভিন্ন দল সংগঠনে বন বিভাগ, কলগাছিয়া ৰাজহ চক্ৰ বিষয়া আৰু কলগাছিয়া পুলিচ প্ৰশাসনক বাৰে বাৰে অৱগত কৰাৰ পিচতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । যদি শওঁপুৰৰ আঞ্চলিক সদস্য আলতাফ হুছেইন আৰু তেওঁৰে ভাতৃ শ্বহিদুল ইছলামক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰে তেন্তে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সেয়ে অচিৰেই এই অবৈধ বালি খনন বন্ধ কৰি উদমাৰী, শওঁপুৰ, চানপুৰ, ৰছুলপুৰ, শোনাপুৰ, ৰুভী আদি গাঁৱৰ শ শ পৰিয়ালক বিপদৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Allegation against Barpeta Road Forest Division) ।

লগতে পঢ়ক : PM Modi meets US Secretary : প্ৰধানমন্ত্ৰী মোডীক উচ্চ প্ৰশংসা আমেৰিকাৰ বাণিজ্য সচিবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.