ETV Bharat / state

কলগাছিয়াৰ সাওৰাচৰাত চৰকাৰী ভূমিত অবৈধ মাটিখনন

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 12:36 PM IST

কলগাছিয়াত(Kalgachia Police) দিনে নিশাই চৰকাৰী ভূমিত অবৈধ খনন কাৰ্য চলোৱাৰ অভিযোগ ভূ-মাফিয়াৰ বিৰুদ্ধে ৷ বেকীৰ সুঁতিৰ সমীপতে চলা অবৈধভাৱে মাটি খনন কাৰ্যই ভাবুকি কঢ়িয়াই আনিছে কেইবাখনো গাঁৱলৈ ৷

Illegal land mining in Kalgachia
কলগাছিয়াৰ সাওৰাচৰাত চৰকাৰী ভূমিত অবৈধ মাটি খনন

কলগাছিয়াৰ সাওৰাচৰাত চৰকাৰী ভূমিত অবৈধ মাটি খনন

জনিয়া, 27 ডিচেম্বৰ : এইবাৰ চৰকাৰী ভূমিলৈ চকু ভূ-মাফিয়াৰ ৷ ৰাইজে বাধা প্ৰদান কৰিলে ভূ-মাফিয়াই ভাবুকি দিয়াৰ অভিযোগ ৷ এই ঘটনা সংঘটিত হৈছে কলগাছিয়াৰ সাওৰাচৰাত ৷ ঘটনা অনুসৰি, কলগাছি আৰক্ষী থানাৰ এলেকাধীন সাওৰাচৰা ৰিজাৰ্ভ গাঁৱত মৰা বেকীৰ সুঁতিৰ সমীপতে দিনে নিশাই অবৈধভাৱে মাটি খনন চলাই আছে ভূ-মাফিয়াই ৷

অভিযোগ অনুসৰি, আয়ুব আলী, হাচেন খান আৰু শ্বহিদুল ইছলামৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা সাওৰাচৰা ৰিজাৰ্ভ গাঁৱত চৰকাৰী অনুমতি অবিহনে চৰকাৰী মাটিত অবৈধভাবে চলাই গৈছে খনন কাৰ্য । ইফালে মাটি কঢ়িওৱা ট্ৰেক্টৰ চলাচলৰ বাবে গাঁওখনৰ পথ দিনক দিনে জৰাজীৰ্ণ হৈ পৰিছে ৷ ফলত যাতায়তৰ ক্ষেত্ৰত জমৰ যাতনাত ভুগিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে ৷

আনহাতে, অবৈধভাৱে চলোৱা খনন কাৰ্যৰ বাবে কলগাছিয়াৰ সাওৰাচৰা ৰিজাৰ্ভ গাঁও, বালিকুৰি এন চি গাঁও, সাওৰাচৰা শান্তি বজাৰৰ লগতে কেইবাখনো ৰাজহ গাঁৱলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি । দিনে নিশাই বেকী নৈৰ মৰা সুঁতিৰ সমীপত চলাই থকা খনন কাৰ্যক বাধা দিলে ভূ-মাফিয়াই ৷ কোনো ধৰণৰ ভ্ৰূক্ষেপ নকৰাৰ লগতে ৰাইজকে ভাবুকি দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

অতি শীঘ্ৰেই অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ লগতে বন বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে । অন্যথা অবৈধ খনন কাৰ্যৰ বাবে কেইবাখনো গাঁও বেকী নৈৰ বুকুত বিলীন হ’ব বুলি উল্লেখ কৰে ৰাইজে । পিছে আয়ুব আলী, শ্বহিদুল ইছলাম আৰু হাচেন খানৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কিবা ব্যৱস্থা ল’ব সেয়াই পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : বৰপেটাৰোডৰ ড° ভূপেন হাজৰিকা ক্ষেত্ৰত বজাৰগৃহ বন্ধ কৰাৰ দাবী আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.