ETV Bharat / state

বৰপেটাৰোডৰ ড° ভূপেন হাজৰিকা ক্ষেত্ৰত বজাৰগৃহ বন্ধ কৰাৰ দাবী আছুৰ

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 9:27 PM IST

Etv Bharatbhupen hazarika khetra Barpeta Road
ভূপেন হাজৰিকা ক্ষেত্ৰত বজাৰগৃহ বন্ধ কৰাৰ দাবী আছুৰ

Barpeta Road Municipal Board : বৰপেটাৰোডৰ ড৹ ভূপেন হাজৰিকা ক্ষেত্ৰত নিৰ্মাণকাৰ্য চলিছে বজাৰগৃহৰ ৷ ইয়াকে লৈ জাঙুৰ খাই উঠিছে বিভিন্ন মহল ৷

ভূপেন হাজৰিকা ক্ষেত্ৰত বজাৰগৃহ বন্ধ কৰাৰ দাবী আছুৰ

বৰপেটাৰোড, 26 ডিচেম্বৰ : বৰপেটাৰোড পৌৰসভাৰ অন্তৰ্গত এক বিশেষ স্থানত বজাৰগৃহ নিৰ্মাণক লৈ জাঙুৰ খাই উঠিছে স্থানীয় দল-সংগঠনৰ লগতে সাধাৰণ জনতা ৷ বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় ঠাইখিনিত বজাৰগৃহৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবীৰে আছুৱে জিলা আয়ুক্তক প্ৰদান কৰে স্মাৰকপত্ৰ ৷

বৰপেটাৰোড চহৰৰ পৌৰসভাৰ একমাত্ৰ মুকলি ঠাইখন হ'ল ড৹ ভূপেন হাজৰিকা ক্ষেত্ৰ । উক্ত ক্ষেত্ৰখনত বৰপেটাৰোড চহৰৰ প্ৰায়সমূহ সামাজিক অনুষ্ঠান নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহাৰ লগতে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত উক্ত ঠাইত বৰপেটাৰোড চহৰৰ সকলো শিক্ষানুষ্ঠান, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা ৰাইজ আহি দিৱস উদযাপন কৰে ।

ইয়াৰোপৰি চহৰখনত যিকোনো প্ৰাকৃতিক দুৰ্যোগ হ’লে উক্ত ঠায়েই একমাত্ৰ মুকলি ঠাই য'ত সকলোৱে বিপদৰ সময়ত আশ্ৰয় ল’ব পাৰে । তাৰোপৰি উক্ত ঠাইৰ প্ৰতি বৰপেটাৰোডৰ ৰাইজৰ আৱেগ জড়িত হৈ আছে কাৰণে এই ক্ষেত্ৰখনক সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ হৈছে ।

উল্লেখযোগ্য যে বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উপৰিও বৰপেটাৰোড সাহিত্য সভাৰ লগতে বিভিন্ন দল সংগঠনেও উক্ত ঠাইত বজাৰগৃহ নিৰ্মাণৰ আপত্তি কৰাৰ পিছতো ৰাইজৰ দাবীৰ প্ৰতি বৰপেটাৰোড পৌৰসভাই কোনোধৰনৰ গুৰুত্ব আৰোপ কৰা দেখা ন'গল । বৰপেটাৰোড আছুৱে দাবী জনাইছে যে বৰপেটাৰোড পৌৰসভাই উক্ত বজাৰগৃহ নিৰ্মাণ কৰাৰ বাবে চৰকাৰে যিখিনি ঠাইত নিৰ্মাণ কৰাৰ অনুমোদন দিছিল উক্ত ঠাইত বজাৰগৃহ নির্মাণ কৰিব লাগে ৷

ড৹ ভূপেন হাজৰিকাৰ স্মৃতি জড়িত ঠাইখিনিৰ লগতে বৰপেটাৰোডৰ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই বজাৰগৃহ নির্মাণ বন্ধ কৰাৰ বাবে জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক: বৰপেটাৰোডত চিকিৎসকৰ ভয়ংকৰ কাণ্ড : শিশুৰ শৰীৰত প্ৰয়োগ ৯ মাহ পূৰ্বে ম্যাদ উকলা ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.